আজি কার্যকর্তাৰ ৰিপৰ্ট কার্ড বিচাৰি ৱেবছাইট উন্মোচন বিজেপিৰ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতীয় জনতা পার্টী, অসম প্রদেশে গুৱাহাটীস্থ সদৰ কার্যালয়ত কার্যকর্তাৰ ৰিপ’ট কার্ড বিচাৰি যুগুত কৰা ৱেবছাইট মুকলি কৰিব৷ মহানগৰীৰ হেঙেৰাবাৰীৰ ‘অটল বিহাৰী বাজপেয়ী ভৱন’ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, কেন্দ্রীয় খাদ্য প্রসংস্কৰণ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী তথা ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ বিষয়ববীয়া আৰু কার্যকর্তাসকলৰ উপস্থিতিত সংশ্লিষ্ট ৱেবছাইটটি মুকলি কৰিব৷ দলৰ অসম প্রদেশৰ ৪২ লাখ কার্যকর্তাৰ লগতে সর্বস্তৰৰ জনসাধাৰণে ৰাজ্যখনৰ ভাৰতীয় জনতা পার্টীৰ বুথ, পঞ্চায়ত, মণ্ডল, জিলা, ৰাজ্যিক তথা ৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন দায়িত্বত থকা কার্যকর্তাসকলৰ লগতে বিভিন্ন সমস্যা সম্পর্কে এই ৱেবছাইটযোগে স্পষ্টভাৱে নিজৰ মত প্রকাশ কৰিব পাৰিব৷ কাইলৈ দুপৰীয়া এই ৱেবছাইট মুকলি কৰি ভাৰতীয় জনতা পার্টী, অসম প্রদেশে সংগঠনক অধিক পাৰদর্শী তথা উত্তৰদায়ী কৰাৰ ক্ষেত্রত এক ঐতিহাসিক নির্ণায়ক পদক্ষেপৰ সংযোজন ঘটাব৷ এই সংযোজনৰ ঠিক আগমুহূর্তত অন্য এক উল্লেখযোগ্য সংযোজন ঘটাই অসমৰ সর্বাধিক সংখ্যা প্রকাশিত মাহেকীয়া বার্তালোচনী ‘অসমীয়া বিজেপি বার্তা’ৰ অনলাইন সংকলনটি সভাপতি দাসে পঢ়ুৱৈ সমাজৰ প্রতি উৎসর্গা কৰিব৷