নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আসন্ন বিটিচি নির্বাচনক লৈ ইতিমধ্যে বড়োভূমিৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে ‘আকৌ এবাৰ হাগ্রামাৰ চৰকাৰ’ শ্লোগানেৰে পুনৰ বিটিচিৰ শাসনভাৰ দখলৰ লক্ষ্যৰে প্রচাৰকার্য জাৰদাৰ কৰি তুলিছে৷ ইয়াৰ বিপৰীতে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে এইবাৰ বি পি এফক উৎখাত কৰি বিটিচিৰ শাসনভাৰ দখলৰ লক্ষ্য আগত ৰাখি ৰণক্ষেত্রত নামি পৰিছে৷ তৃতীয়খন বড়ো শান্তি চুক্তি বি টি আৰক হাথিয়াৰ হিচাপে লৈ ইউ পি পি এলে কেন্দ্র আৰু ৰাজ্যৰ শাসক দল বিজেপিৰ পৰা সঁহাৰি লাভৰো আশা কৰিছে৷ এইক্ষেত্রত ইউ পি পি এলে বিজেপিৰে মিত্রতাৰো পোষকতা কৰিছে৷ ইয়াৰ মাজতে কাইলৈ গুৱাহাটীত বিটিচি নির্বাচন সম্পর্কত ৰাজ্যিক বিজেপিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ কাইলৈৰ সেই বৈঠকতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া পৰিষদীয় সমষ্টিৰ লগতে মিত্রতা সম্পর্কতো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত হ’বলগীয়া সেই বৈঠকখনত বিটিচিৰ চাৰি জিলাৰ দলীয় সভাপতি আৰু ২৫জন দলীয় পর্যবেক্ষকো উপস্থিত থাকিব৷ উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি দাসে পূর্বৰে পৰাই এইবাৰ বিটিচি চৰকাৰত বিজেপিয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি প্রকাশ কৰি আহিছে৷ বিটিচি চৰকাৰত দলে যাতে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে, তাৰ বাবে প্রয়োজনত প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ সৈতে মিত্রতা কৰাৰো পোষকতা কৰি আহিছে৷ অথচ সম্প্রতি বি পি এফ দলৰ সৈতে বিজেপিৰ মিত্রতা আছে৷ এনে অৱস্থাত বিজেপিৰ কাইলৈৰ বৈঠকখন ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বি টি আৰ চুক্তি স্বাক্ষৰৰ পাছতেই চুক্তিখন ৰূপায়ণৰ স্বার্থত এবছু–ইউ পি পি এলে বিজেপিৰে মিত্রতাৰ পোষকতা কৰি আহিছে৷ এইক্ষেত্রত নতুন দিল্লীত বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰেও যোগাযোগ কৰিছে৷ আনহাতে, কোনো পৰিস্থিতিতে যাতে বিজেপিয়ে ইউ পি পি এলক আদৰি নলয়, তাৰ বাবে বি পি এফেও সকলোধৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিটিচিত বিজেপিক অধিক আসন এৰি দিব বুলি ঘোষণা কৰিছে৷ ইয়াৰ বিপৰীতে ইউ পি পি এলৰ প্রাক্তন সভাপতি উর্খাও গৌৰা ব্রহ্ম, বর্তমানৰ সভাপতি প্রমোদ বড়োকে ধৰি দলৰ নেতৃবৃন্দ বিজেপিয়ে গ্রহণ কৰিবলগীয়া স্থিতিক লৈ আশাবাদী হৈ আছে৷ এনে অৱস্থাত ইউ পি পি এলৰে বহুচর্চিত মিত্রতাৰ ক্ষেত্রত বিজেপিয়ে কি সিদ্ধান্ত গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like