নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত জলপ্ৰলয় : প্ৰলয়ংকৰী বানত মৃতকৰ সংখ্যা ৬২জনলৈ বৃদ্ধি

ডিজিটেল ডেস্ক, ২৫ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱর্তিত হৈ আছে৷ বৰঞ্চ ইখনৰ পিছত সিখনকৈ নতুন নতুন জিলাক শাওণৰ বলিয়া বানে আক্রান্ত কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ৭খনকৈ জিলা এইবাৰৰ বানত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্রুগড়, নগাঁও আৰু কার্বি আংলং জিলা এইবাৰ অধিক পৰিমাণে ক্ষতিগ্রস্ত হৈছে৷ এই পর্যন্ত ৭খন জিলাৰ ৩৭টা ৰাজহ চক্রৰ ৭,২১,০২৪জন লোক বানত ক্ষতিগ্রস্ত হৈছে৷ ক্ষতিগ্রস্ত হৈছে ২৫,৩৭৫.৪৪ হেক্টৰ কৃষিভূমি৷

ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত অব্যাহত থকা প্ৰলয়ংকৰী বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে। আনহাতে এই দুৰ্যোগৰ ফলত ৭.৫ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈয়ে আছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শেহতীয়া তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “অসমত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৬২জন। সকলোৰে বিদেহ আত্মাই চিৰশান্তি লাভ কৰক।”

ৰাজ্যিক দুর্যোগ প্রশমন বিভাগে সদৰী কৰা অনুসৰি এইপর্যন্ত ৰাজ্যৰ ৮৮৩খন গাঁও অধিক ক্ষতিগ্রস্ত হৈছে৷ কেৱল চৰাইদেউ জিলাতে ১০৯খন, শিৱসাগৰত ৩০০খন, যোৰহাটত ১৭৯খন, গোলাঘাটত ১৩৫খন গাঁও বানৰ কবলত বিধ্বস্ত হৈছে৷ উল্লেখ্য যে আটাইতকৈ অধিক পৰিমাণে ক্ষতিগ্রস্ত হোৱা চৰাইদেউ, শিৱসাগৰ আৰু নাজিৰা সম–জিলাত মৃতদেহ উদ্ধাৰ হৈয়েই আছে৷ এইকেইখন জিলাত বান পৰিস্থিতি কিছু উন্নত হ’লেও দিখৌ, দৰিকা, দিচাং, বুঢ়ীদিহিং বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জানিব পৰা গৈছে৷ গোলাঘাটতো ধনশিৰি আৰু দৈয়াং বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি জানিব পৰা গৈছে৷ জিলাখনৰ ১৩৫খন গাঁও বানৰ কবলত ককবকাই থকাৰ সময়ত নীপকোৱে চাৰিখনকৈ স্পিলৱে’ গেট খুলি দিয়াত দৈয়াং আৰু ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ তথ্য প্রকাশ হৈছে৷

আনহাতে, আটাইতকৈ বিধ্বস্ত হৈ পৰা শিৱসাগৰৰ নাজিৰা সম–জিলাৰ বিভিন্ন অঞ্চলত বানাক্রান্তসকলক বানৰ বিভীষিকাই খেদি ফুৰিছে৷ বিশেষতঃ নাজিৰা সম–জিলাত পানী শুকাইছে যদিও পানী শুকুৱাৰ পিছৰ পৰিস্থিতিয়ে সর্বসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বহু পথ, ঘৰ আদি বানৰ কোবাল সোঁতত ধ্বংস হৈ যোৱাৰ লগতে শতাধিক পৰিয়ালত পলস–বোকাৰে ভৰি থকাত পৰিয়ালসমূহে আন এক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷ বলিয়া বানে ধুৱাই নিয়া অঞ্চলসমূহত শ শ পৰিয়ালে এতিয়াও পথৰ ওপৰতেই কষ্টৰ মাজত নিশাৰ পিছত নিশা অতিবাহিত কৰিব লগা হৈছে৷ খাবলৈ, শুবলৈ একো বাকী নথকা অৱস্থাত কণ কণ ল’ৰা–ছোৱালীৰ সৈতে পথৰ ওপৰতে বস্তা পাৰি মহ, পোক, পতংগৰ কামোৰণিত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে বানাক্রান্তই৷

You might also like