নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বানপীড়িতৰ কাষত সাহস হৈ থিয় দিছে দিখৌমুখবাসী

উজনি অসমৰ সাম্প্ৰতিক প্ৰলয়ংকৰী বানত সৰ্বস্বান্ত হোৱা শিৱসাগৰ জিলাৰ সহস্ৰাধিক পৰিয়ালে এতিয়া পানী কিছু পৰিমাণে শুকাইছে যদিও এমুঠি অন্ন আৰু এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী পক্ষ তথা প্ৰশাসনে জিলাখনৰ এইসকল বানপীড়িতক সাহায্য যোগান ধৰিছে যদিও বহু সহৃদয় ব্যক্তি ওলাই আহিছে বানত জুৰুলা হোৱাসকলক কিঞ্চিত সাহায্য প্ৰদানৰ অভিযানত৷

এইক্ষেত্ৰত দিখৌমুখবাসী ৰাইজেও সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত জিলাখনৰ বানত দুৰ্দশাগ্ৰস্ত ভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এমুঠি অন্ন দিয়াৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ অঞ্চলটোৰ মিলিত শিল্পী সমাজৰ বিষয়ববীয়াৰ তত্ত্বাৱধানত অঞ্চলটোৰ যুৱবৃন্দ আৰু স্থানীয় ৰাইজে ২৩ জুলাইৰ পৰা নিজৰ গাঁঠিৰ ধন ভাঙি বানপীড়িত ৰাইজলৈ খাদ্য প্ৰস্তুত কৰি শ শ ৰাইজৰ মাজত খাদ্য বিতৰণ অভিযান অব্যাহত ৰাখিছে৷

দলটোৱে ইতিমধ্যে বিগত দিনত জিলাখনৰ ফুকনফদীয়া, বেজগাঁও, নখনা, গৌৰীসাগৰ, নামদাং, চাৰিং আদি অঞ্চলৰ সহস্ৰাধিক বানপীড়িত ৰাইজৰ মাজত খিচিৰি, সিজোৱা কণী, পানীৰ বটল আদি কেইবাখনো বাহনেৰে নি বিতৰণ কৰিছে৷ ইফালে, অঞ্চলটোৰ তেলীয়াডোঙা অঞ্চলৰ একাংশ যুৱকেও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱা বানপীড়িত ৰাইজৰ মাজত বিশুদ্ধ খোৱাপানী ড্ৰামে ড্ৰামে বাহনেৰে কঢ়িয়াই বিতৰণ অব্যাহত ৰাখিছে৷

অঞ্চলটোৰ দিছিয়াল গাঁৱৰ যুৱবৃন্দই তদ্ৰুপ পদক্ষেপ গ্ৰহণ কৰি শতাধিক বানবিধ্বস্ত পৰিয়ালৰ মাজত সাহায্যস্বৰূপে খাদ্য সামগ্ৰী বিতৰণ কাৰ্য অব্যাহত ৰাখিছে৷ এক কথাত বৃহত্তৰ দিখৌমুখ অঞ্চলৰ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তি, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া সম্প্ৰতি শিৱসাগৰৰ বান দুৰ্দশাগ্ৰস্তসকলৰ দুখৰ সমভাগী হৈ সাহায্য অভিযানত জঁপিয়াই পৰিছে৷

নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২৫ জুলাই :

You might also like