নিয়মীয়া বাৰ্তা, ১২ মার্চঃ সুদীর্ঘ ১৭ বছৰৰ বিৰতিত আজি অনুষ্ঠিত হ’ব গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ নির্বাচন ৷ নির্বাচন বন্ধ কৰিবলৈ অপসাৰিত সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াই চলোৱা সকলো প্রচেষ্টা বুধবাৰে আদালতৰ মজিয়াত ব্যর্থ হ’ল ৷ ঠাকুৰীয়াই গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচনত স্থগিতাদেশ বিচাৰি কৰা আবেদন আদালতে নাকচ কৰে ৷ আদালতত মুখ থেকেচা খালে নৱ ঠাকুৰীয়াই ৷ ইয়াৰ লগে লগে আজি প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হোৱাটো সুনিশ্চিত হৈ পৰিল ৷ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ হ’ব আৰু বিয়লি ৫ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব ৷ দীর্ঘদিনৰ বিৰতিত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত মুঠ ৩৬গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব মুঠ ৮১৬গৰাকী ভোটাৰে ৷ মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব এই নির্বাচন ৷ উল্লেখ্য যে বিগত ১৭ বছৰ ধৰি অনুষ্ঠিত হোৱা নাছিল গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন তথা সাধাৰণ সভা ৷ অৱশেষত যোৱা ২০ ফেব্রুৱাৰীত অনুষ্ঠিত সাধাৰণ সভাত পূর্বৰ কার্যনির্বাহক সমিতিখনক অবৈধ ঘোষণা কৰাৰ লগতে এখন আহ্বায়ক সমিতি আৰু নির্বাচনী সমিতি গঠন কৰি দিয়ে ৷ নির্বাচনী সমিতিয়ে নির্বাচনৰ প্রস্তুতি সম্পূর্ণ কৰাৰ সময়তে অপসাৰিত সম্পাদক নৱ ঠাকুৰীয়াই মুন্সিফ আদালতত নির্বাচনত স্থগিতাদেশ বিচাৰি আবেদন দাখিল কৰে ৷ বুধবাৰে ৫৯/২০২০নং আবেদনৰ শুনানি গ্রহণ কৰি আদালতে ৰায়দান কৰে যে নির্বাচনত স্থগিতাদেশ জাৰি কৰাৰ কোনো যুক্তিসংগত কাৰণ আদালতে বিচাৰি নাপালে ৷ সেয়ে আদালতে স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে ৷ এই খবৰে গুৱাহাটীৰ সাংবাদিক মহলক উৎসাহিত কৰিছে ৷ উল্লেখ্য যে গুৱাহাটী প্রেছ ক্লাবৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, নৌছদ আলম আৰু গৌতমজ্যোতি শইকীয়াই ৷ এই আবেদনৰ পৰৱর্তী শুনানি হ’ব ৩১ মার্চত ৷