নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৱিত্র ঈদ–উল–ফিটৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ আজি ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্র ধর্মীয় উৎসৱ ঈদ–উল–ফিটৰ৷ ৰমজান মাহৰ ৩০ দিন অতিক্রম কৰাৰ পিছত পশ্চিম আকাশত ঈদৰ জোন দেখা দিছে৷ কাইলৈ সমগ্র বিশ্বৰ ইছলামধর্মী লোকসকলে প্রেম আৰু ভ্রাতৃত্ববোধৰ কামনাৰে ঈদৰ নামাজ পঢ়িব৷ কিন্তু মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে এইবাৰ মছজিদত সমূহীয়া নামাজ অনুষ্ঠিত নহ’ব৷

চৰকাৰে নামাজৰ সময়ত মছজিদত পাঁচজনতকৈ অধিক লোকৰ সমাগম নহ’বলৈ নির্দেশনা জাৰি কৰিছে৷ গতিকে সকলোৱে ঘৰতে নামাজ পঢ়ি ঈদৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব৷ মছজিদ কমিটীয়ে মছজিদৰ নামাজত অংশগ্রহণ কৰিবলগীয়া লোকসকলৰ তালিকা প্রস্তুত কৰিব৷ পৱিত্র ঈদ–উল–ফিটৰ উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ ইছলাম ধর্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে ঈদ–উল–ফিটৰ হ’ল ইছলাম ধর্মাৱলম্বী জনসাধাৰণৰ এক অতি পৱিত্র উৎসৱ৷ ঈদ–উল–ফিটৰ উৎসৱে আমাক ত্যাগ, কৰুণা আৰু মানৱ প্রেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে৷ ঈদ–উল–ফিটৰ পালনৰ জৰিয়তে জনসাধাৰণৰ মাজত বর্তি থকা প্রেম, ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি পাৰস্পৰিক বুজাবুজিৰে মানৱ কল্যাণৰ হকে কাম কৰিবলৈ সকলোকে অনুপ্রাণিত কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে ক’ভিড–১৯ মহামাৰীৰ এই জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ–উল–ফিটৰত এই দুঃসময়ৰ পৰা সমগ্র মানৱ জাতিক ৰক্ষা কৰাৰ হেতু প্রার্থনা কৰাৰ বাবে ইছলামধর্মী জনসাধাৰণক আহ্বান জনোৱাৰ লগতে সামাজিক দূৰত্ব তথা ক’ভিড–১৯ৰ অন্যান্য প্রট’কল মানি চলি এই উৎসৱ পালন কৰাৰ বাবে আহ্বান জনায়৷

ইফালে, ঈদ–উল–ফিটৰ উপলক্ষে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাকে ধৰি বিভিন্ন দল–সংগঠন, ব্যক্তিবিশেষে ইছলাম ধর্মাৱলম্বী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like