আজি বটদ্ৰৱা থানলৈ মুখ্যমন্ত্রী ড° শৰ্মা
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ আজি কীর্তনঘৰৰ গুৰু আসন পুনৰ স্থাপন কৰাৰ মানস কৰা হৈছে। ইতিমধ্যে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক উপস্থিত থাকিবলৈ আমন্ত্রণ জনােৱা হৈছে। লগতে ক’ভিডৰ প্ৰভাৱৰ মাজতাে চৰকাৰী নীতি-নিয়ম ৰক্ষা কৰি কীর্তনঘৰৰ দ্বাৰ উদঘাটনৰ আয়ােজন কৰা হৈছে। প্রকাশ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত প্রচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদস্বৰূপ মণিকূট, কীর্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঁথনি নির্মাণ মজবুত আৰু নিক পক পীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগােৱাৰ লগতে চিলিং নির্মাণ, হেঙুল-হাইতালৰ ব্যৱহাৰেৰে ন-ৰূপত। সজোৱা হৈছে। উন্নত মানৰ বৈদ্যুতিকৰণৰ কাম সম্পূর্ণ হৈ উঠিছে। ইফালে, মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা ভ্ৰমণৰ প্রস্তুতি দিনে-নিশাই চলি আছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্রতিষ্ঠান আৰু ঐতিহাসিক কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব।