নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতাজীৰ জন্মদিনৰ পৰাই গণৰাজ্য দিৱস

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ  এতিয়াৰে পৰা ২৩ জানুৱাৰী নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনৰ পৰাই দেশৰ গণৰাজ্য দিৱস উদযাপন আৰম্ভ কৰা হ’ব। এই সিদ্ধান্ত কেন্দ্রীয় চৰকাৰৰ। ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ গুৰুত্বপূৰ্ণ দিশসমূহক উদযাপনৰ ওপৰত প্রাধান্য দি নৰেন্দ্র মোদী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে দেশৰ গণৰাজ্য দিৱস উদযাপন প্রক্রিয়া ইয়াৰ পূর্বে ২৪ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছিল। তাৎপর্যপূর্ণ যে নেতাজী সুভাষ চন্দ্র বসু ২৩ জানুৱাৰী জন্মদিনটো মোদী চৰকাৰে ইতিপূর্বে পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰি আহিছে।

You might also like