আজি বড়ো সকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ আজি বড়ো সকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা । বাথৌ পূজা উপলক্ষে বড়ো অঞ্চলসমূহত দেখা গৈছে বিশেষ প্ৰস্তুতি । ভিন্ন স্থানত পূজা অৰ্চনাৰে নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰিছে বড়ো লোকসকলে ।
ইপিনে সোমবাৰে অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ স্থায়ী সমাধানৰ বাট প্ৰশস্ত কৰি স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ পাছত আজিৰ এই ধৰ্মীয় অনুষ্ঠান বাথৌ পূজাই বড়োলোকসকলৰ মাজত যথেষ্ট তাৎপৰ্য বহন কৰিছে ।
আনহাতে বাথৌ পূজা উপলক্ষ্যে বড়োসকলক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
Heartfelt wishes to the Bodo community on the auspicious occasion of Bathou Puja. On this holy festival, let us spread love, joy and the message of peace for all.
— Sarbananda Sonowal (@sarbanandsonwal) January 28, 2020
উল্লেখ্য যে বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। বাথৌক সন্তুষ্ট কৰিবলৈ এই অনুষ্ঠানত খেৰাই নৃত্যও কৰা হয়।