নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুক্তি পাব মেৰাপানীৰ সীমান্তই

ইছলামাবাদে এৰি দিব ২০ ভাৰতীয় মাছমৰীয়াক

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অৱশেষত বিগত এটা বছৰে পাকিস্তানৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা গোলাঘাট জিলাৰ মেৰাপানী নৱগ্ৰামৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ সীমান্ত শইকীয়াৰ মুক্তিৰ পথ প্ৰশস্ত হৈছে। ২০১৮ চনৰ ২৮ অক্টোবৰত গুজৰাটৰ এখন মাছমৰীয়া জাহাজে আন্তঃৰাষ্ট্রীয় সাগৰীয় সীমান্ত অতিক্রম কৰাৰ অপৰাধত পাকিস্তানৰ নৌসেনাই জাহাজখনত কর্মৰত অসমৰ সীমান্তসহ বিশজন ভাৰতীয়ক বন্দী কৰিছিল৷ এই খবৰ লাভ কৰি সীমান্তৰ পৰিয়াল শোকাকুল হৈ বিগত এটা বছৰে নিজৰ সন্তানৰ আশাৰে বাট চাই আছিল যদিও বিদেশত বন্দী পুত্রৰ মুক্তিৰ হকে একো ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল৷

গোলাঘাটৰ অধিবক্তা জয়ন্ত কুমাৰ গোস্বামী, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্রচেষ্টাত সীমান্ত পাকিস্তানৰ লান্ধি কাৰাগাৰত বন্দী হৈ আছিল বুলি পৰিয়ালে খবৰ লাভ কৰিছিল৷ গোলাঘাট জিলাৰ ডপায়ুক্তৰ কার্যালয়ৰ পৰা পৰিয়ালে লাভ কৰা খবৰ অনুসৰি পাকিস্তান চৰকাৰে সীমান্তসহ মুঠ বিশজন ভাৰতীয়ক কাইলৈ কাৰাগাৰৰ পৰা মুকলি কৰি স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা গ্রহণ কৰিব৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে পাকিস্তানৰ বৈদেশিক মন্ত্রালয়ৰ সৈতে কৰা যোগাযোগৰ অন্তত বিগত এবছৰে বৈৰী ৰাষ্ট্রৰ কাৰাগাৰত কাৰাৰুদ্ধ সীমান্ত শইকীয়া স্বদেশলৈ প্রত্যাৱর্তন কৰিব বুলি খবৰ লাভ কৰি স্বভাৱিকতে সীমান্তৰ পৰিয়ালটো ডৎফুল্লিত হৈ পৰিছে৷ উল্লেখ্য যে দেওবাৰে পাকিস্তানৰ মালিৰ জিলাৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২০জনকৈ ভাৰতীয় মাছমৰীয়াক দেশত্নখনে মুকলি কৰি দিয়ে আৰু এইসকলক আজি ৱাঘা সীমান্তত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় কর্তৃপক্ষক চমজাই দিব৷

You might also like