নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আতংকৰ মাজতে শিৱসাগৰ ভ্রমণ কৰি গ’ল ৩৩জন বিদেশী পর্যটকে

নিয়মীয়া বার্তা, ২১ মাৰ্চঃ চলিত মাহটোত ৩৩গৰাকী বিদেশী পর্যটকে শিৱসাগৰৰ প্রাচীন কীর্তিচিহ্ণসমূহ ভ্রমণ কৰি যোৱা ঘটনাই ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ ভ্রমণ কৰি যোৱা এই ৩৩গৰাকী বিদেশী পর্যটকৰ সঠিক স্বাস্থ্য পৰীক্ষা ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কৰা হৈছিল নে নাই তাক লৈয়েই সৃষ্টি হৈছে এই প্রতিক্রিয়া৷ শিৱসাগৰ চহৰৰ মাজমজিয়াতেই থকা ঐতিহাসিক ৰংঘৰ–তলাতল ঘৰ শেহতীয়াকৈ এই ৩৩গৰাকী বিদেশী পর্যটকে ভ্রমণ কৰি যোৱাৰ স্পষ্ট তথ্য পোহৰলৈ আহিছে৷ স্মর্তব্য যে কেন্দ্রীয় পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক পুৰাতত্ত্ব বিভাগে ইতিমধ্যে যোৱা ১৭ মার্চৰ পৰা আন কীর্তিচিহ্ণসমূহৰ লগতে ৰংঘৰ আৰু তলাতল ঘৰতো সকলো ধৰণৰ পর্যটকৰ প্রৱেশ নিষিদ্ধ কৰিছিল৷ কিন্তু প্রৱেশ নিষিদ্ধ হোৱাৰ দুটা দিনৰ পূর্বে ৰংঘৰ আৰু তলাতল ঘৰত বিদেশী পর্যটক ডপস্থিত হোৱাৰ তথ্য আহি পৰিছে৷ জানিব পৰা মতে, চলিত মাহৰ ১ মার্চৰ দিনা শিৱসাগৰৰ তলাতল ঘৰত ডপস্থিত হৈছিল ২৩গৰাকী বিদেশী পর্যটক৷ ৪ মার্চত ৩গৰাকী, ৫ মার্চত এগৰাকী, ৭ মার্চত এগৰাকী, ৯ মার্চত দুগৰাকী, ১২ মার্চত এগৰাকী, ১৩ মার্চত এগৰাকী আৰু ১৫ মার্চত এগৰাকীকে ধৰি মুঠ ৩৩গৰাকী বিদেশী পর্যটক তলাতল ঘৰত প্রৱেশ কৰাৰ তথ্য পোৱা গৈছে৷ অভিযোগ অনুসৰি তলাতল ঘৰত এই ৩৩গৰাকী বিদেশী পর্যটকৰ লগতে বিগত ১৭ মার্চ পর্যন্ত আন দেশী পর্যটক, স্থানীয় দর্শনাথ্ প্রৱেশ কৰা প্রৱেশদ্বাৰৰ আশে–পাশে ক’তো দেখা নগল ক’ৰোনা সর্তকীকৰণৰ ফলক তথা ছেনিটাইজাৰৰ ব্যৱস্থা৷ ইয়াৰ উপৰি তলাতল ঘৰ কর্তৃপক্ষৰ হাততো নাই ৩৩গৰাকী বিদেশী পর্যটক সন্দর্ভত কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ প্রমাণ পত্রৰ তথ্য৷

You might also like