নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলন দমন কৰিবলৈ গুপ্তহত্যাকাৰী নিয়োগ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ৰাজ্যজুৰি সৃষ্টি হোৱা ‘কা’ বিৰোধী গণজাগৰণ দমন কৰিবলৈ চৰকাৰে নিয়োগ কৰিছে গুপ্তঘাতকৰ দল ৷ –এই বিস্ফোৰক অভিযোগ সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ । গুৱাহাটীত গণসত্যাগ্রহ কার্যসূচীত অংশগ্রহণ কৰি ড০ ভট্টাচার্যই কয় যে ডিব্রুগড়, শোণিতপুৰ, গোলাঘাট, গুৱাহাটীকে ধৰি সমগ্র ৰাজ্যত ‘কা’বিৰোধী আন্দোলন দমন কৰিবলৈ চৰকাৰে দমন নীতি হাতত লৈছে ৷

মঙলবাৰে গুৱাহাটীৰ ভেটাপাৰাত দুজন যুৱকক ধৰি নি আৰক্ষীয়ে আন্দোলনত অংশ নলয় বুলি লিখাই লৈছে ৷ স্থানীয় ৰাইজকো ভাবুকি প্রদান কৰিছে ৷ বৰাগাঁৱতো ৰাইজক ভয় খুওৱা হৈছে ৷ শোণিতপুৰত ৰাইজক ভাবুকি দিয়াৰ খবৰ আহিছে ৷ গোলাঘাটৰ মেলামৰা অঞ্চলত পশ্চিম গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উপ–সভাপতি তথা গোলাঘাট মহকুমা ছাত্র সন্থাৰ কার্যনির্বাহক সদস্য নিতু শইকীয়াৰ ঘৰত নিশা জপনা ভাঙি অস্ত্রধাৰী দল প্রৱেশ কৰিছে ৷ শইকীয়াক ঘৰত নাপাই শূন্যলৈ গুলীচালনা কৰি আঁতৰি গৈছে ৷

আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ মতে এইদৰে আন্দোলন দমন কৰিবলৈ গুপ্তহত্যাকাৰী নিয়োগ কৰা হৈছে ৷ চৰকাৰে জানে অস্ত্রধাৰীসকল কোন ৷ তেওঁলোকক কৰায়ত্ত কৰিব লাগে ৷ গুপ্তহত্যাৰ পৰিকল্পনা কৰিলে পৰিস্থিতি আৰু ভয়াৱহ হ’ব বুলি মন্তব্য কৰি ড০ ভট্টাচার্যই চৰকাৰক ৰাইজৰ ধৈর্যৰ পৰীক্ষা নল’বলৈ সকীয়াই দিছে ৷ ইফালে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসম চৰকাৰে ‘কা’বিৰোধী আন্দোলন দমন কৰিবলৈ নির্যাতন–উৎপীড়ন আৰম্ভ কৰিছে ৷ কিন্তু যিমানেই দমন নচলাওক কিয়, জাতিধ্বংসী আইনৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন অহিংস আন্দোলন চলিছে আৰু চলিবই ৷

You might also like