নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনৰ গৱেষণা পত্ৰ নকল কৰি লিখিলে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় গ্ৰন্থ

আই আই টি গুৱাহাটীৰ অধ্যাপকৰ বৌদ্ধিক জালিয়াতি

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ আইআইটি গুৱাহাটীৰ মানৱতা আৰু সমাজবিজ্ঞান বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত গুৰুতৰ জালিয়াতিৰ অভিযোগ । অধ্যাপক শইকীয়াৰ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘দ্য ইউনিক ৰিভাৰঃ এ বায়’গ্ৰাফী অৱ দ্য ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গ্ৰন্থখন জালিয়াতি কৰি প্ৰণয়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে । অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছে প্ৰকাশ কৰা শইকীয়াৰ ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় এই গ্ৰন্থখন যোৱাবৰ্ষত প্ৰকাশ পাইছিল । দেশৰ প্ৰখ্যাত ইতিহাসবিদ ৰামচন্দ্ৰ গুহই পাতনি লিখা এই গ্ৰন্থখন ইয়েল বিশ্ববিদ্য়ালয়ৰ অধ্যাপক জেমছ চি স্কটে উৎকৃষ্ট গ্ৰন্থ বুলি প্ৰশংসা কৰিছে । উল্লেখ্য যে, এই গ্ৰন্থখনকে শেহতীয়াকৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ৰিতুপন গোস্বামীৰ পিএইচডি গৱেষণা পত্ৰখনৰ পৰা নকল কৰি প্ৰণয়ন কৰা বুলি গুৰুতৰ অভিযোগ আনিছে দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সংঘামিত্ৰা মিশ্ৰই । দ্য বুক ৰিভিউ এপ্ৰিল সংখ্যাত প্ৰকাশ পোৱা সংঘামিত্ৰা মিশ্ৰৰ এই সম্পৰ্কীয় লেখাটোত ৰিতুপন গোস্বামীয়ে ২০১০ চনত জে এন ইউত দাখিল কৰা তেওঁৰ ৰিভাৰ্ছ এণ্ড হিষ্ট্ৰী শীৰ্ষক পি এইচ ডি গৱেষণা পত্ৰৰ বহু অংশ অধ্যাপক অৰূপজ্যোতি শইকীয়াৰ শেহতীয়া গ্ৰন্থখনত উদ্ধৃত কৰা হৈছে বুলি উল্লেখ কৰিছে ।

বিশেষকৈ অধ্যাপক শইকীয়াৰ গ্ৰন্থখনৰ ‘ব’টছ অন দ্য ৰিভাৰ’ নামৰ অধ্য়ায়টো ৰিতুপন গোস্বামীৰ গৱেষণা পত্ৰত ‘ব’টছ এণ্ড ব’ট বিল্ডিং’ৰ পৰা হুবহুভাৱে নকল কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে । গ্ৰন্থ সমালোচক সংঘামিত্ৰা মিশ্ৰই আহোম ৰাজত্বৰ সময়ছোৱাৰ ব্ৰহ্মপুত্ৰৰ ইতিহাস গ্ৰন্থ প্ৰণেতা অধ্যাপক শইকীয়াই সম্পূৰ্ণভাৱে ৰিতুপন গোস্বামীৰ গৱেষণা পত্ৰখনৰ পৰা হুবহুভাৱে উল্লেখ কৰাৰ অভিযোগ আনিছে । গ্ৰন্থখন প্ৰণয়নৰ ক্ষেত্ৰত গ্ৰন্থকাৰে এইক্ষেত্ৰত ৰিতুপন গোস্বামীৰ গৱেষণাত কোনোধৰণৰ স্বীকৃতি প্ৰদান কৰা নাই অথবা গ্ৰন্থখনত এই সমল ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰো কোনো উল্লেখ নাই । গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত এনে বিষয় সম্পূৰ্ণ বৌদ্ধিক জালিয়াতি হিচাপে পৰিগণিত হৈ আহিছে । সংঘামিত্ৰা মিশ্ৰই গ্ৰন্থ সমালোচনামূলক লেখাটোত দ্য ইউনিক ৰিভাৰ গ্ৰন্থখনৰ জালিয়াতিৰ প্ৰতিটো দিশেই পুংখানুপুংখভাৱে উল্লেখ কৰিছে । মিশ্ৰই অধ্যাপক শইকীয়াৰ ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় সম্পূৰ্ণ গৱেষণা ৰিতুপন গোস্বামীৰ গৱেষণা কৰ্মৰ আধাৰত কৰা সত্বেও গৱেষকজনৰ ন্যূনতম স্বীকৃতি দিয়াৰ সৌজন্যতাও প্ৰকাশ নকৰে বুলি উল্লেখ কৰে । এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ যে জে এন ইউৰ পৰা পি এইচ ডি গ্ৰহণ কৰা ৰিতুপন গোস্বামী সম্প্ৰতি নিৰুদ্দিষ্ট হৈ আছে । ২০১০ চনতেই গৱেষণা সম্পূৰ্ণ কৰা ৰিতুপন গোস্বামীয়ে পৰৱৰ্তী সময়ত মাওবাদী সংগঠনৰ সৈতে জড়িত থকা বুলি প্ৰকাশ পাইছিল । ২০১৪-১৫ চনৰ পাছত এই প্ৰতিভাধৰ গৱেষকজন সম্পৰ্কীয় কোনো তথ্য প্ৰকাশ পোৱা নাই । সেইবাবেই তেওঁৰ গৱেষণা পত্ৰখন নকল কৰাৰ পাছতো অধ্যাপক অৰূপজ্যোতি শইকীয়াই প্ৰকৃত গৱেষকজনে কষ্ট কৰাৰ কোনো অৱকাশ নথকাৰ সুযোগ গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

You might also like