নিয়মীয়া বার্তা,১ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নিশা আবকাৰী বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ আমনিৰ পৰা চাৰিখন অবৈধ সুৰাভর্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হয় ৷ চামগুৰি থানাৰ অন্তর্গত আমনি অঞ্চলৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত আবকাৰী বিভাগৰ লগতে আৰক্ষী দলে অভিযান চলাই ইউ পি ২১ বি এন ৭৩৭৩, এম এল ০৫ টি ৫৭৮৬, ইউ পি ২১ চি এন ৩১৯৯ আৰু ইউ পি ২১ বি এন ৭৩০০ নম্বৰৰ অবৈধ বিয়েৰভর্তি ট্রাককেইখন জব্দ কৰে ৷ অৰুণাচল প্রদেশৰ নেফা বেভাৰিজ প্রাইভেট লিমিটেডে প্রস্তুত কৰা টুর্বগ আৰু চিম্বাষ্ট্রং বিয়েৰ’ৰ মুঠ ৪,৪০০টা কার্টন নিউ ইণ্ডিয়া ড্রেন্সপ’ট কোম্পানীৰ চাৰিখন ট্রাকত শ্বিলঙলৈ সৰবৰাহ কৰা অৱস্থাত আমনি অঞ্চলৰ পৰা যোৱানিশা আবকাৰী আৰু চামগুৰি আৰক্ষীয়ে জব্দ কৰে ৷ অবৈধ সুৰাৰ সন্দেহত জব্দ কৰা ট্ৰাককেইখন শুকুৰবাৰে আবকাৰী বিভাগৰ এটা দলৰ লগতে চামগুৰি চক্র বিষয়া সঞ্জীৱ দলৈ চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ গাড়ীকেইখনৰ নথিপত্রসমূহ পৰীক্ষা কৰি বিসংগতি ধৰা পেলায় ৷ গাড়ীকেইখন জব্দ কৰা হয় বুলি আবকাৰী বিভাগৰ এক সূত্রই জানিবলৈ দিয়ে ৷ লগতে গাড়ীকেইখনৰ চালক আৰু পৰিচালককেইজনক সোধা–পোছৰ বাবে আটক কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে ৷