আমফানৰ প্রভাৱঃ সমগ্ৰ অসমত পুৱাৰে পৰা মুষলধাৰ বৰষুণ
নিয়মীয়া বাৰ্তা, ২১ মেঃ সাগৰীয় ধুমুহা আমফানৰ প্রভাৱ পশ্চিমবংগৰ লগতে উত্তৰ–পূর্বাঞ্চলতো পৰাৰ যথেষ্ট সম্ভাৱনা আছে৷
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই বুধবাৰে সদৰী কৰা অনুসৰি, অসমত আমফানৰ প্রভাৱ যথেষ্ট কম হ’ব৷ অসমৰ ভিন্ন প্রান্তত আমফানৰ ফলত আজিৰে পৰা মুষলধাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী প্রকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ ইয়াৰ বাহিৰে অসমত ধুমুহাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷
ইপিনে ইয়াৰপাছতে আজি পুৱাৰে পৰা আমফানৰ প্ৰভাৱ সম্পূৰ্ণ ৰূপে দেখা গৈছে আমাৰ ৰাজ্য অসমত ।
ৰাজ্যত পুৱাৰে পৰা মুষলধাৰ বৰষুণৰ লগতে মৃদ্যুকৈ এজাক বতাহেও চুই যোৱা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে সমগ্র দেশবাসীক আতংকিত কৰি ৰখাৰ সময়তে ওড়িশা আৰু পশ্চিমবংগত বুধবাৰে ধ্বংসলীলা চলায় সাগৰীয় ঘূর্ণি ধুমুহা আমফানে ৷ ওড়িশা আৰু পশ্চিমবংগত ১৭০–১৯০ কিলোমিটাৰ প্রতিঘণ্টাত অহা প্রচণ্ড বতাহে খুন্দা মাৰে ৷ যাৰ ফলত দুইখন ৰাজ্যতে ব্যাপক ক্ষতিসাধন হয়৷