নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাক বুজিবলৈ মোডী চৰকাৰে অসমীয়া শিকক !

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ‘মোডী চৰকাৰে অসমীয়া ভাষা শিকিলেহে বুজিব পাৰিব অসমীয়াৰ আবেগ । জাতীয়তাবোধ হ’ব লাগে এছ ডি বৰ্মনৰ দৰে ।’ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ অন্তিম দিনা মঞ্চত গীত পৰিৱেশন কৰি এইদৰে উল্লেখ কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । জাতীয়তাবাদ আৰু জাতীয়তাবোধ সম্পৰ্কত জুবিনে মঞ্চৰ পৰাই ক’লে নিজৰ ভাষাটো এৰি দিব নালাগে ।

‘যেতিয়া এছ ডি বৰ্মন আৰু ৰাজেশ খান্নাই কথা পাতে তেতিয়া এছ ডি বৰ্মনে বঙালীতে কয় আৰু ৰাজেশ খান্নাই হিন্দীত । এদিন ৰাজেশ খান্নাই এছ ডি বৰ্মনক হিন্দী শিকি ল’বলৈ কোৱাত বৰ্মনে ৰাজেশ খান্নাক হে ওলোটাই বঙালী শিকিবলৈ ক’লে । গতিকে জাতীয়তাবোধ এনেকুৱা হ’ব লাগে । মোডী চৰকাৰে অসমীয়া শিকি লওক তেতিয়া হে বুজিব আমাৰ আবেগ ।’ এইদৰে শুৱালকুছি অধিৱেশনৰ অন্তিম দিনা জাতীয়তাবোধ সম্পৰ্কে অসমীয়াক সজাগ হৈ থাকিবলৈ কয় জুবিনে ।

শুৱালকুছি অধিৱেশনৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানত বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়ে শিল্পীগৰাকীয়ে । নামনি অসমৰ কথিত ভাষাত অ’ শাইলকী নামৰ গীতটো পৰিৱেশনৰ জৰিয়তে জুবিন গাৰ্গে বাৰুকৈয়ে উৎফুল্লিত কৰে দৰ্শকসকলক ।

You might also like