নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি যদি বিদেশী আনিছিলোঁ, ৩ বছৰে নেখেদিলে কিয়

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা ভূমিকাক শুকুৰবাৰে পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৷ ৰাজীৱ ভৱনত এখন সংবাদ মেলত গগৈয়ে কয়– ‘অসমৰ অস্তিত্ব যদি সঁচাকৈয়ে ৰক্ষা কৰিব বিচাৰিছে, তেনেহ’লে সর্বানন্দ সোণোৱাল চৰকাৰে ‘কা’ বাতিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক হেঁচা দিয়ক ৷ বিজেপিয়ে কংগ্রেছ চৰকাৰে অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ কৰি আহিছে ৷ আমি যদি বিদেশী আনি ৰক্ষণাবেক্ষণ দিছোঁ, তেন্তে তিনি বছৰে সোণোৱাল চৰকাৰে কিয় খেদি পঠিয়াব নোৱাৰিলে ৷ আজি অবৈধ বিদেশীক কোনে সুৰক্ষা দিব বিচাৰিছে, সেয়া সকলোৱে দেখিছে ৷’

ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশত ডিটেনচন কেম্প নাই বুলি কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰে গগৈয়ে ৷ এই সন্দর্ভত তেওঁ কয় যে কেৱল অসমতে নহয়, আন ৰাজ্যতো ডিটেনচন কেম্প আছে ৷ প্রধানমন্ত্রীগৰাকীক মিছলীয়া আখ্যা দি গগৈয়ে কয়– ‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ২০০৮ চনত ডিটেনচন কেম্প আমাৰ চৰকাৰে খুলিছিল ৷ কিন্তু ৰাজ্যৰ আটাইতকৈ ডাঙৰ ডিটেনচন কেম্প স্থাপনৰ বাবে ২০১৮ চনত বিজেপি চৰকাৰে ৪৬ কোটি টকা অনুমোদন দিছে ৷ আমি উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে কৰিছিলোঁ ৷ বিজেপি চৰকাৰে কিয় ৩,০০০ বন্দী ৰাখিব পৰা ডিটেনচন কেম্পৰ অনুমোদন দিলে ? ১৯৯৮ চনত বাজপেয়ী চৰকাৰে ডিটেনচন কেম্প স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছিল ৷ এন আৰ চিক লৈও কেন্দ্রীয় চৰকাৰে মিছা মাতিছে ৷’ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ পর্যবেক্ষক হৰিশ ৰাৱাটে সংবাদ মেলত কয় যে দিল্লীত কংগ্রেছ চৰকাৰ আহিলে ‘কা’ বাতিল কৰিব ৷ ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত ‘কা’ৰ কংগ্রেছে সম্পূর্ণ বিৰোধিতা কৰিছে ৷ কিন্তু সংখ্যাগৰিষ্ঠতা নোহোৱাৰ বাবে ইয়াক বাধা দিব পৰা নগ’ল ৷ ‘কা’খনে কেৱল অসম চুক্তি ভংগ কৰা নাই, ভাৰতৰ সংবিধান, সভ্যতা–সংস্কৃতিৰো পৰিপন্থী বুলি ৰাৱাটে মন্তব্য কৰে ৷

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মেলত কয় যে কংগ্রেছে ধাৰাবাহিকভাৱে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিব ৷ ৰাজ্য চৰকাৰক ‘কা’ক লৈ গণভিত্তি পৰীক্ষা কৰাৰ প্রত্যাহ্বান জনায় বৰাই কয়– ‘ৰাহুল গান্ধীৰ সমাৱেশৰ পিছত গণস্বাক্ষৰ সংগ্রহ অভিযান আৰম্ভ হ’ব ৷ ৰাজ্যৰ পৰা ২০ লাখ লোকৰ স্বাক্ষৰযুক্ত পত্র ৰাষ্ট্রপতিলৈ ‘কা’ বাতিলৰ দাবীৰে প্রেৰণ কৰা হ’ব ৷ তদুপৰি অহা ২৯ ডিচেম্বৰৰ পৰা পুনৰ ৰাজ্যজুৰি পদযাত্রা কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷’ ইপিনে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই সংবাদ মেলৰ জৰিয়তে ‘কা’ৰ বিষয়ে অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্রীক দাবী উত্থাপন কৰে ৷ সংবাদ মেলত বিধায়ক তথা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনো উপস্থিত থাকে ৷

You might also like