আলফাৰ দুগৰাকী সদস্যক মৃত্যুদণ্ড; চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস মৃত্যুদণ্ড
নিয়মীয়া বাৰ্তা, ৭ মেঃ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আলফাৰ দুগৰাকী সদস্যক মৃত্যুদণ্ড বিহা হৈছে। চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক৷ আজি এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ ফালৰ পৰা এক বিবৃতি প্ৰেৰণ কৰা হৈছে ৷
আলফাৰ ফালৰ পৰা প্ৰেৰণ কৰা বিবৃত্তিটোত কোৱা হৈছে যে যোৱা ইংৰাজী ২৪/০৪/২০২২ তাৰিখে নৱাগত সদস্য শ্রীধনজিৎ দাস ওৰফে শ্ৰীৰূপক অসমে আলফাৰ চলমান শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰে আৰু ২৫ তাৰিখে কৰায়ত্ব হয়। সদস্যগৰাকীক সংশ্লিষ্ট প্রশাসনিক পৰ্যায়ত আৰু দায়িত্ববাহী বিষয়াৰ তত্বাৱধানত সোধ-পোছৰ লগতে তৎপৰতা আৰম্ভ কৰাত ৰূপক অসমে নিজৰ সকলো অপৰাধৰ লগতে আৰক্ষী বিষয়া লগত সংগোপনে জড়িত থকাৰ কথা অকপটে স্বীকাৰ কৰে।
ইপিনে আন এগৰাকী সদস্য সঞ্জীৱ শৰ্মা ওৰফে ঋষৱ অসমে ভাৰতীয় দখলদাৰী বাহিনী আৰু একাংশ অসম পুলিচ বিষয়াৰ নিৰ্দেশত ধনৰ লালসাত চোৰাংচোৱা হিচাপে সংগঠনত যোগদান গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্র সংস্থাপনেৰে শত্রু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পর্যায়ক্রমে কাৰ্যকৰী কৰাৰ অভিপ্রায়ৰে সদস্যভূক্তি হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰে।
সেয়ে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ অধ্যক্ষতাত অনুস্থিত হোৱা বিচাৰ সদনে এই দুইগৰাকী সদস্যক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মাৰ দ্বাৰা প্ৰকাশিত কেইবাটাও ভিডিঅ’য়ে তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্য ৷ য’ত তেওঁ অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ হৈ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল বুলি স্বীকাৰ কৰিছিল ৷