নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ সকিয়নিৰ ২৪ ঘন্টাৰ ভিতৰতে ক্ষমা বিচাৰিলে মন্ত্ৰী সঞ্জয় কিষাণে

নিয়মীয়া বাৰ্তা, ১৫ মে’: অৱশেষত আলফা স্বাধীনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ৰাজ্যৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ। আলফা স্বাধীনৰ নিম্ন পৰিষদ আৰু  প্ৰচাৰ বিভাগৰ সম্পাদক  বিগ্ৰেডিয়াৰ অৰুণোদয় অসমৰ দ্বাৰা প্ৰেৰিত এক বিবৃতিত অসম চৰকাৰৰ শ্ৰম আৰু নিয়োেগ দপ্তৰৰ কেবিনেট মন্ত্রী তথা তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক  সঞ্জয় কিষান  “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ  সভাপতি পৰেশ বৰুৱাক মিছলীয়া বুলি যি অপমান সূচক মন্তব্য কৰিছিল সেই ভুলৰ অনুশােচনা কৰি সংবাদ মাধ্যমৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ ওচৰত ক্ষমা প্রার্থনা বিচৰাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ ওপৰত আৰােপিত সকলাে ধৰণৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। লগতে অদূৰ ভৱিষ্যতে তেখেতক তেনে তৰল মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনােৱা হয় বুলি উল্লেখ কৰে ।  ৰাজ্যৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে ২৪ ঘন্টা অতিক্ৰম নহ’ওঁতেই নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা জনায়।

 

উল্লেখযোগ্য যে, আলফাৰ শিবিৰত মৃত্যুৰ হোৱা আলফা কেদাৰৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী সঞ্জয় কিষাণে  ‘পৰেশ বৰুৱাই আগতেও বহুত মিছা কথা কৈছে। পৰেশ বৰুৱাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে। ইমানদিনে অসমৰ ৰাইজে তেওঁৰ কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে বুলি মত ব্যক্ত কৰিছিল । যাৰ ফলস্বৰূপে  আলফা স্বাধীনে ক্ষুদ্ধ হৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা  লগাইছিল। মন্ত্ৰী সঞ্জয় কিষাণে এই সন্দৰ্ভত নিজৰ মন্তব্য দাঙি ধৰি কয় যে  পৰেশ বৰুৱাৰ অন্তৰত আঘাট লগা কোনো কথা কোৱাৰে তেওঁৰ সদিচ্ছা নাই বুলি প্ৰকাশ কৰে। লগতে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে শান্তি প্ৰক্ৰিয়াৰ দিশটো সফল ভাৱে  আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে আৰু  এই প্ৰক্ৰিয়াত ব্যাঘাত হনাটো তেওঁ কোনো কাৰণতে কামনা কৰা নাই। ভুলবশত মন্ত্ৰী গৰাকীয়ে এনে মন্তব্য কৰা বাবে ক্ষমাপ্ৰাৰ্থী হোৱা লগতে দুখ প্ৰকাশ কৰিছে । এই সন্দৰ্ভত  মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই । আটছাৰ নেতৃত্বই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এনেবোৰ ঘটনাৰ ফলত ৰাইজ বিভ্ৰান্ত হয় । ৰাইজৰ মনত প্ৰশ্ন হয় যে তেওঁলোকে চৰকাৰ তথা আৰক্ষীৰ কথা মানি চলিব নে চৰকাৰে নিষিদ্ধ ঘোষণা কৰা সশস্ত্ৰ  সংগঠনৰ  কথা  শুনিব।
প্ৰেৰক: সুৰজ দাস
You might also like