নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ সহায়ত প্ৰফুল্ল মহন্ত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈছিলঃ পৰেশ বৰুৱা

প্ৰফুল্ল কুমাৰ মহন্তক সমালোচনা পৰেশ বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ প্ৰফুল্ল কুমাৰ মহন্তক চোকা সমালোচনা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ। ‘কা’ বিৰোধী আন্দোলনত প্ৰফুল্ল মহন্তই যিদৰে জাতীয়তাবাদী শিৱিৰত থকা বুলি পৰিচয় দিব ওলাইছে সেয়া একেবাৰে গ্ৰহণযোগ্য নহয়। ১৯৯৬ৰ চনত আলফাৰ সহায় লৈ শাসনলৈ আহিছিল প্ৰফুল্ল কুমাৰ মহন্ত। শাসনলৈ আহিয়েই গুপ্তহত্যাৰে জড়িত হৈ পৰিছিল মহন্ত। প্ৰফুল্ল কুমাৰ মহন্ত হৈছে তথাকথিত জাতীয়তাবাদী নেতা। অসমৰ পাহোৱাল ডেকা-গাভৰুক হত্যা কৰা মানুহজনেই হৈছে প্ৰফুল্ল কুমাৰ মহন্ত। গুপ্তঘাটকৰ নায়ক আছিল মহন্ত। আজি যদি শুদ্ধ পথৰে অসম চুক্তি কৰিলে হয় অসমৰ আজি এনে অৱস্থা নহ’ল হয়। আজিকালি বহু নেতাই জাতীয়তাবাদ নামটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। কিছুলোক ৰাজনৈতিক মুনাফা লাভৰ বাবে ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰিছে। ভাৰতৰ আত্ম নহয় অসমৰ আত্মা বচাবলৈহে ক’ব লাগে। যিসকলে অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত, স্বাৰ্থৰ ক্ষেত্ৰত আন্দোলন কৰা সকলৰ লগত আমি সদায় আছো বুলিও মন্তব্য কৰে সেনাধ্যক্ষ গৰাকীয়ে।