নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আল্লাহু’ চিহ্ন : পখিলাৰ বিষ্ঠা নে অন্য কিবা ?

নিয়মীয়া বার্তা,৩০ নৱেম্বৰঃ ৰাজ্যৰ আন কিছু অঞ্চলৰ লগতে ধুবুৰীৰো একাংশ গছৰ পাতত আৰবী ভাষাত ‘আল্লাহু’ শব্দটো স্পষ্টৰূপে প্রত্যক্ষ হোৱা বুলি ব্যাপক চর্চা চলিছে ৷ ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে চহৰখনৰ পার্শ্বৱর্তী সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ গছৰ পাতত অনুৰূপ দৃশ্য প্রত্যক্ষ হোৱা বুলি বিভিন্নজনে দাবী কৰিছে ৷ ইপিনে, ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কামৰূপ জিলাৰ বৃহত্তৰ বাইহাটা চাৰিআলিৰ লগতে দুমুনীচকীৰ পার্শ্বৱর্তী অঞ্চলসমূহত যোৱানিশাৰে পৰা বিভিন্ন গছৰ পাতত আৰবী ভাষাৰ ‘আল্লাহু’ শব্দটোৰ চিহ্নই ৰাইজৰ মাজত চাঞ্চল্য–প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ বিভিন্ন গছত প্রত্যক্ষ কৰা চিহ্নটো প্রথমে ৰাইজে বিশেষ গুৰুত্ব দিয়া নাছিল যদিও পিছত উদ্বিগ্ন হৈ পৰে ৷ দুষ্টচক্রই অঞ্চলটোত সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰাৰ উদ্দেশ্যে এনে দুষ্কার্যত লিপ্ত হোৱা বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে আৰু এইক্ষেত্রত তদন্ত কৰি ৰাইজক শংকামুক্ত কৰিবলৈ আৰক্ষী–প্রশাসনলৈ দাবী জনাইছে ৷ আনহাতে, একাংশই এয়া স্পাইৰেলিং হোৱাইট ফ্লাই নামৰ এবিধ পখিলাৰ বিষ্ঠা বুলি সন্দেহ কৰিছে ৷ গুগলত এই পখিলাবিধৰ বিষয়ে উল্লেখ থকা বুলিও একাংশ প্রকৃতিপ্রেমীয়ে জানিবলৈ দিছে ৷ অৱশ্যে প্রশাসনৰ তদন্তহে প্রকৃত তথ্য পোহৰলৈ আহিব ৷

You might also like