নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্তজনক সহায়ৰ বাবে ওলাই আহিল ৰাজকুমাৰ ঠাকুৰীয়াঃ ১৪ টা পৰিয়ালক দিলে ৫ কেজিকৈ চাউল

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ক’ৰোনাৰ প্ৰতিৰোধৰ বাবে দেশত চলি থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত অসহায় পৰিয়ালৰ ওচৰত থিয় দিছে সকলোৰে চিনাকী শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া । মহানগৰীৰ সমীপৱৰ্তী মিৰ্জাৰ ৩০ টাকৈ পৰিয়ালক সহায় কৰাৰ কথা কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছিল ৰাজকুমাৰ ঠাকুৰীয়াই । সেইমতে বৃহস্পতিবাৰে অঞ্চলটোৰ ১৪ টা পৰিয়ালৰ মাজত ৫ কিলোগ্ৰামকৈ চাউল বিতৰণ কৰে শিল্পীগৰাকীয়ে।

ইপিনে ঠাকুৰীয়াই ফেচবুকযোগে আন লোকসকলকো ঘৰৰ কাষৰ অসহায় পৰিয়ালসমূহক কিছু পৰিমাণে হলেও সহায় কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে কেইবাটাও জনপ্ৰিয় গীতেৰে ৰাইজৰ মাজত ‘ৰাকু দা’ ৰূপে পৰিচয় লাভ কৰা ৰাজকুমাৰ ঠাকুৰীয়াই মুখত মাস্ক পিন্ধি আৰ্তজনক সহায় কৰাৰ লগতে ঘৰতে থাকি লকডাউনৰ নীতি নিয়ম মানি চলিবলৈও আহ্বান জনায় ।

ইফালে তেওঁৰ এই মহানুভৱতাৰ বাবে এতিয়া তেওঁৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াযোগে ৰাকু দাক ধন্যবাদ দিয়াৰ লগতে আগলৈও এইদৰে সহায় কৰি যাবলৈ আহ্বান জনাইছে ।

 

You might also like