নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিচি গঠন হ’লে বহি নাথাকোঁঃ শৰণীয়া

নিয়মীয়া বার্তা, গোৰেশ্বৰ, ২৫ নৱেম্বৰঃ বিএচি, বিটিচি জোৰ–জুলুমকৈ জাপি দিয়া হৈছিল৷ বিপিএফৰ স্বজন, তোষণ, দুর্নীতি, বিভাজনৰ ৰাজনীতি বন্ধ কৰিব লাগিব৷ ইউটিচি গঠন হ’লে আমি বহি নাথাকোঁ৷ –এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ৷ আগন্তুক বিটিচি পৰিষদীয় নির্বাচনৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি গোৰেশ্বৰৰ গড়কাপ্ঢানী পৰিদর্শন বঙলাত অনুষ্ঠিত সভাত সাংসদ নৱ শৰণীয়াই কয়– সম–মর্যাদা, সম–ধিকাৰ, বিটিচিত বসবাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে আমি ‘গণ সুৰক্ষা পার্টী’ নামেৰে এটি ৰাজনৈতিক দল গঠন কৰিছোঁ৷ আৰু এই গণ সুৰক্ষা পার্টীয়ে সমাগত বিটিচি নির্বাচনত এককভাৱে চৰকাৰ গঠন কৰিব৷ সেয়া নিশ্চিত৷ ইতিমধ্যে আমি বিভিন্ন কার্যসূচী হাতত লৈছোঁ৷ বিশেষকৈ বিটিচিৰ প্রায় ২ লাখ লোক গুৱাহাটীত বসবাস কৰি থকাৰ ভিতৰত ৯০ শতাংশই আমাৰ সমর্থক৷

এই আটাইখিনি একগোট হৈ আমি একেলগে কাম কৰি যোৱাৰ ইতিমধ্যে আলোচনা চলি আছে৷ সমাজকর্মী তথা বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ ভাৰপ্রাপ্ত সভাপতি অমূল্য ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ শৰণীয়াই বিৰোধী দলক কটাক্ষ কৰি কয় যে বিটিচিত বিপিএফৰ ১৫ বছৰীয়া শাষন কালত হোৱা স্বজন–তোষণ, দুর্নীতি, বিভাজন, ভ্রষ্টাচাৰ সেই আটাইবোৰ এইবাৰ ওৰ পৰিব৷ বিটিচিত এইবাৰ গণ সুৰক্ষা পার্টীয়ে এককভাৱে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি তেওঁ দাবী কৰাৰ লগতে ৪০টা সমষ্টিতে নিজৰ প্রার্থী থিয় কৰাব বুলি মন্তব্য কৰে৷ আৰু ইয়াৰে ৩৫টাত জয় হোৱাটো নিশ্চিত আৰু ৩৭টাত জয়ী হ’লেও আচৰিত হ’বলগীয়া একো নাই বুলি সাংসদগৰাকীয়ে দাবী কৰে৷ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সাহিত্যিক, লেখক, সমালোচকৰ উপস্থিতিত দিয়া ভাষণত সাংসদ শৰণীয়াই কয় যে বিগত লোকসভা নির্বাচনত গোৰেশ্বৰৰ একাংশ পাবত গজা নেতাই তেওঁৰ বিৰুদ্ধে কংগ্রেছক ভোট দিব লাগে বুলি প্রচাৰ কৰি ফুৰিছিল৷ কিন্তু মূৰকত সেইসকল নেতা তেওঁৰ ওচৰত ভিজা মেকুৰী হৈ থাকিল৷ আনহাতে ইউটিচি গঠন সম্পর্কত সাংসদগৰাকীয়ে কয় যে বিএচি, বিটিচি জোৰ–জুলুমকৈ জাপি দিয়াৰ দৰে পুনৰ চৰকাৰে ইউটিচি গঠন কৰাৰ বাবে আলোচনা কৰি আছে৷ যদিহে বিএচি আৰু বিটিচিৰ দৰে ইউটিচি গঠন কৰে তেতিয়া হ’লে তেওঁৰ লগতে ৰাইজ এইবাৰ বহি নাথাকিব বুলি শৰণীয়াই মন্তব্য কৰে৷ আনকি ইউটিচি গঠন প্রক্রিয়াত বিৰোধী দলবোৰে যাতে কোনো ধৰণৰ আন্দোলন কৰিব নোৱাৰে, তাৰ বাবে জাতীয় একাংশ নেতাৰ সৈতে গোপন বৈঠক হোৱা বুলিও শৰণীয়াই মন্তব্য কৰে৷ ইপিনে বিটিচিৰ পৰা অবডো গাঁও কর্তন কৰাৰ সন্দর্ভত সাংসদগৰাকীয়ে কয় যে বিগত সময়ছোৱাত অবডো সুৰক্ষা সমিতিয়ে বিটিচিৰ পৰা অবৈধভাৱে সোমাই থকা অবডো গাঁওসমূহ কর্তন কৰিব লাগে বুলি কিমান আন্দোলন কৰিলে, হাইক’ট কৰিলে তাৰ লেখ–জোখ নাই৷ আনকি লাখ লাখ টকা অপচয় কৰা হ’ল৷ যিবোৰ টকাৰ আজি কোনো হিচাপ নাই৷ আৰু গাঁও কর্তন নহ’ল৷ সেয়েহে ‘গণ সুৰক্ষা পার্টীয়ে’ এইবাৰ বিটিচিৰ অবৈধ অবডো গাঁওসমূহ কর্তন কৰিব লাগে বুলি সজোৰে উত্থাপন কৰি প্রস্তাৱ ল’ব৷ আৰু সেই প্রস্তাৱ ৰাজ্যপালৰ পৰা চহী লৈ ৰাষ্ট্রপতিৰ অনুমোদনসাপেক্ষে গাঁও কর্তন কৰা হ’ব৷ নীলকণ্ঠ ডেকাই আঁত ধৰা সভাত শৰণীয়াই গোৰেশ্বৰ সমষ্টি গঠন কৰাৰ বাবে এখন ১৪জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়ে৷ সভাত উপস্থিত থাকে তামুলপুৰ জিলা গণ সুৰক্ষা পার্টীৰ সম্পাদক কন্দর্প ডেকাৰ লগতে আন কেইবাগৰাকী শীর্ষ পর্যায়ৰ নেতা৷

You might also like