নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ইউনিফর্মৰ ঠিকা আবণ্টনত থলুৱা ক্ষুদ্র ব্যৱসায়ীবিৰোধী চর্ত আৰোপেৰে বহিঃৰাজ্যৰ কোম্পানীক ৰঙা দলিচা পাৰি দিছে ৰাজ্য চৰকাৰে ৷ যাৰ পৰিণতিত আগন্তুক শিক্ষা বর্ষতো ৰাজ্যৰ ৪৫ হাজাৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে ইউনিফর্ম লাভৰ পৰা বঞ্চিত হ’ব ৷ এই আশংকা অল আছাম স্কুল ইউনিফর্ম ছাপ্লায়াৰ এছ’চিয়েচনৰ ৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত সংস্থাটোৰ সভাপতি ৰাতুল মেধিয়ে কয় যে বিদ্যালয়ত ইউনিফর্ম যোগানৰ নিবিদাত কেতবোৰ নতুন নিয়ম বান্ধি দি থলুৱা যোগনিয়াৰ প্রতিষ্ঠানক বঞ্চিত কৰি বহিঃৰাজ্যৰ পুঁজিপতি কোম্পানীক বৰপীৰা পাৰি দিব বিচাৰিছে চৰকাৰে ৷ বিশেষকৈ বিদ্যালয়ত ইউনিফর্ম যোগানৰ বাবে যোগনিয়াৰ প্রতিষ্ঠানৰ নিজা কাপোৰৰ উদ্যোগ থকাৰ লগতে কোম্পানীটোৱে বছৰত ১০০ কোটি ধনৰ লেনদেন কৰিব লাগিব আদি কেতবোৰ অদ্ভুত চর্ত বান্ধি দিয়ে ৷ কাৰণ অসমত বছৰি ১০০ কোটি ধনৰ লেনদেন কৰা কাপোৰৰ উদ্যোগ এটাও নাই ৷ যাৰ ফলত ৰাজ্যৰ ৫০০ থলুৱা ইউনিফর্ম যোগনিয়াৰ প্রতিষ্ঠানে ঠিকা লাভৰ পৰা বঞ্চিত হ’ব ৷ ‘শিক্ষা বিভাগৰ এই টোঘলকী কাণ্ডৰ বিৰোধিতা কৰি আমি সংস্থাৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰোঁ ৷ ন্যায়ালয়ে গোচৰটো কেইবাবাৰো শুনানি গ্রহণ কৰি যোৱা ৯ মাহৰ অন্তত ১৩ ডিচেম্বৰত চূড়ান্ত ৰায় দিয়ে ৷ উচ্চ ন্যায়ালয়ে বিদ্যালয় পৰিচালনা সমিতিক নিজাকৈ থলুৱা ক্ষুদ্র ব্যৱসায়ীৰ পৰা ইউনিফর্ম ক্রয় কৰিবলৈ অনুমতি প্রদান কৰি পৰিচালনা সমিতিৰ মৌলিক অধিকাৰ বাহাল ৰখাৰ লগতে ৰাজ্যৰ ক্ষুদ্র ব্যৱসায়ীসকলৰ পক্ষত ৰায় দিয়ে ৷ সেইমর্মে সর্বশিক্ষা অভিযান অসমে বিদ্যালয় পৰিচালনা সমিতিক ইউনিফর্ম ক্রয়ৰ নিয়মাৱলী প্রেৰণ কৰাৰ পৰিৱর্তে যোৱা ২০ ডিচেম্বৰত উক্ত ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত আবেদন জনায় আৰু ৰায়টোৰ স্থগিতাদেশ উলিয়ায় ৷ ফলত চলিত বর্ষত ৰাজ্যৰ ৪৫ হাজাৰ বিদ্যালয়ৰ ৩৭ লাখ ছাত্র–ছাত্রীয়ে বিনামূলীয়াকৈ ইউনিফর্ম লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল ৷ আনহাতে গোচৰটো বিচাৰাধীন হৈ থকাত আগন্তুক শিক্ষা বর্ষতো (২০২০) শিক্ষার্থীয়ে ইউনিফর্ম নোপোৱাটো একপ্রকাৰ নিশ্চিত হ’ল ৷’– এইদৰে কয় ৰাতুল মেধিয়ে ৷
বহিৰাগত বৃহৎ কোম্পানীক ৰঙা দলিচা
ন্যায়ালয়ৰ দ্বাৰস্থ থলুৱা যোগানীয়াৰ সংস্থা
চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বাবে ঘূৰি যাব ২২৩ কোটি টকা
সংবাদ মেলত সভাপতি মেধিয়ে লগতে কয়– ‘চৰকাৰৰ এই পদক্ষেপে বহিৰাগত বৃহৎ পুঁজিপতি গোষ্ঠীৰ লগত যে গোপনে বুজাবুজিত লিপ্ত হৈছে, সেয়া স্পষ্ট হৈ পৰিছে ৷ আমি চৰকাৰৰ এই সিদ্ধান্তক তীব্র ভাষাৰে গৰিহণা দিছোঁ ৷ লগতে বিষয়টোত হস্তক্ষেপ বিচাৰি প্রধানমন্ত্রী, মুখ্যমন্ত্রী, বিত্তমন্ত্রী, শিক্ষামন্ত্রী, অসম বিধানসভাৰ অধ্যক্ষ, বিৰোধী দলৰ দলপতি আদিলৈ পত্র প্রেৰণ কৰিছোঁ ৷ আশা কৰিছোঁ তেওঁলোকে উক্ত বিষয়টোৰ গুৰুত্ব বুজি দুখীয়া শিক্ষার্থীসকলৰ অধিকাৰৰ প্রতি লক্ষ্য ৰাখি আৰু থলুৱা যোগনিয়াৰৰ স্বার্থত এটা গ্রহণযোগ্য সিদ্ধান্ত ল’ব ৷’ সংবাদ মেলত সংস্থাৰ প্রচাৰ সম্পাদক জিতুমণি দাস আৰু মৃদুল গগৈয়ে চৰকাৰৰ ভূমিকাত তীব্র অসন্তুষ্টি ব্যক্ত কৰে ৷ তেওঁলোকে আন এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰি কয় যে ৰাজ্যৰ ৪৫ হাজাৰ বিদ্যালয়ৰ ৩৭ লাখ শিক্ষার্থীক এযোৰ ইউনিফর্মত ৬০০ টকাকৈ মুঠ দুযোৰ ইউনিফর্ম যোগানৰ বাবদ কেন্দ্রীয় চৰকাৰে ২০১৯–২০ বিত্তীয় বর্ষত ২২৩ কোটি টকা আবণ্টন দিছিল ৷ এই পুঁজিৰে চলিত বর্ষত ৰাজ্যত ইউনিফর্ম যোগান ধৰা নহ’ল ৷ আনহাতে এই ধন ব্যৱহাৰৰ প্রমাণ–পত্র অহা ৩১ মার্চৰ ভিতৰত জমা দিব নোৱাৰিলে আবণ্টিত ধনৰাশি ঘূৰি যাব ৷ আনহাতে পুঁজি ব্যৱহাৰৰ প্রমাণ–পত্র দিব নোৱাৰিলে ২০২০–২১ বিত্তীয় বর্ষতো ইউনিফর্মৰ নামত অসমে ধন নোপোৱাটো নিশ্চিত হৈ পৰিল ৷ জিতুমণি দাস আৰু মৃদুল গগৈয়ে লগতে কয় যে এই অচলাৱস্থা বাহাল থাকিলে ৰাজ্যৰ ৫০০ যোগনিয়াৰ প্রতিষ্ঠানত কর্মৰত দর্জী–সহায়ক আৰু ঠিকাদাৰকে ধৰি ২ লাখ লোকৰ জীৱন–জীৱিকাৰ প্রতি ভাবুকি নামি আহিব ৷