নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলত যোগদান এনডিএফবি নেতা গোবিন্দ বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও এতিয়া বিটিচি অঞ্চলত উত্তপ্ত হৈছে ৰাজনৈতিক বতাহ । এবছুৰ সভাপতিৰ পদ এৰি প্রমোদ বড়োৱে ইউ পি পি এলত যোগদান কৰাৰ পাছত ওদালগুৰিত আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰিলে এন ডি এফ বি প্রগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ ওদালগুৰি জিলা ইউ পি পি এলৰ সভাপতি ৰবীন্দ্র বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাত গোবিন্দ বসুমতাৰীয়ে যোগদানৰ পাছতেই বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে দুর্নীতি আৰু অপশাসনৰ অভিযোগ আনি উদাত্ত ভাষণ প্রদান কৰে ৷ হাগ্রামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসনত হোৱা দুর্নীতি, অপশাসন আৰু বি পি এফৰ অকর্মণ্যতাৰ বিৰুদ্ধে উন্নয়নৰ বার্তা লৈ ইউ পি পি এল দল ৰাইজৰ মাজলৈ যাব আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি বিটিচি পৰিষদ গঠন কৰিব বুলিও এন ডি এফ বিৰ নেতাগৰাকীয়ে সদৰী কৰে ৷

তেওঁ লগতে কয় – ৩৪ বছৰীয়া সশস্ত্র সংগ্রামৰ পাছত যোৱা ২৭ জানুৱাৰীত ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ মাজত হোৱা শান্তি চুক্তিৰ জৰিয়তে গঠন হোৱা বি টি আৰৰ প্রতিটো দফা কার্যকৰী হ’লে ইয়াত উন্নয়নৰ এক নতুন জোৱাৰ আহিব আৰু এই দফাবোৰ কার্যকৰী কৰিবলৈ দক্ষ লোক তথা ভাল মানুহৰ হাতত ক্ষমতা থাকিব লাগিব ৷ এই কথা ৰাইজে উপলব্ধি কৰি অঞ্চলটোত এক ৰাজনৈতিক পৰিৱর্তন বিচাৰিছে, যাৰ সুফল ইউ পি পি এল দলে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ এই যোগদান সভাত এন ডি এফ বিৰ চাওৰাইগৌৰা গোটক শান্তি আলোচনাৰ মাজলৈ আনি বি টি আৰ চুক্তি স্বাক্ষৰত গুৰুত্বপূর্ণ ভূমিকা নির্বাহ কৰা যুৱক পৃথ্বি নাৰায়ণ মেছেও ইউ পি পি এলত আনুষ্ঠানিকভাৱে যোগদান কৰি দিয়া ভাষণত এইবাৰ ৰাইজে শান্তি আৰু উন্নতিৰ স্বার্থত ভোটদান কৰিব বুলি আশা প্রকাশ কৰাৰ লগতে এন ডি এফ বিৰ তিনিওটা গোট হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ লগত আছে বুলি লোৱা ধাৰণা ভুল আৰু আন গোটৰ এন ডি এফ বিৰ শীর্ষ নেতায়ো দুই–এদিনতে ইউ পি পি এল দলত যোগদান কৰিব বুলি উল্লেখ কৰে ৷

সভাত এন ডি এফ বি প্রগতিশীলৰ সাধাৰণ সম্পাদক এছ চানজাৰাঙৰ লগতে এন ডি এফ বিৰ অর্ধশতাধিক নেতা–কর্মী, অসম প্রদেশ কংগ্রেছ কমিটীৰ মজদুৰ মর্চাৰ সভাপতি ৰিমিছ লিণ্ডা আৰু ওদালগুৰি জিলা যুৱ কংগ্রেছৰ সভাপতি দীপক বৰালসহ প্রায় ৬০জন কংগ্রেছৰ নেতা–কর্মী আৰু সাংবাদিক তথা সমাজকর্মী পুলক কুমাৰ দাসৰ লগতে ডেৰ শতাধিক লোকে বুধবাৰে ওদালগুৰিৰ ৰাজহুৱা দুর্গাপূজা মণ্ডপত অনুষ্ঠিত ইউ পি পি এলৰ যোগদান সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

You might also like