ইছৰোত নিযুক্ত উত্তৰ–পূবৰ প্রথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ বছৰটোৰ অন্তিমটো পষেকত অসমবাসীলৈ এক সু–খবৰ৷ নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ অতি ভিতৰুৱা মাহেৰীপাৰৰ এগৰাকী কন্যাহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ হছৰোত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে৷ মাহেৰীপাৰ নিৱাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বর্তমান বঙাহগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী প্রতিভাৱান নাজনিন হয়াছমিনে অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰত বিজ্ঞানী হিচাপে নিযুক্তি–পত্র লাভ কৰিছে৷
উল্লেখ্য যে নাজনিন হয়াছমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি সুকলত প্রাথমিক শিক্ষা লাভ কৰি স্থানীয় কদমনি টাউন হাহসুকলৰ পৰা ২০০৭ চনত মেড্রিকত সফলতাৰে উত্তীর্ণ হৈ নগাঁও চহৰৰ অগ্রণী ব্যক্তিগত শিক্ষানুষ্ঠান আলফাবিটা ছায়েন্স জুনিয়ৰ কলেজৰ পৰা ২০০৯ চনত বিজ্ঞান শাখাত কেইবাটাও বিষয়ত লেটাৰসহ প্রথম বিভাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হয়৷ পাছত গুৱাহাটীৰ নিটজ মির্জা কলেজৰ পৰা ২০১৩ চনত ইলেক্ট্রনিক বিষয়ত বিটেক আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীত এমটেক ডিগ্রী লাভ কৰে৷ বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান–প্রতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ৰাষ্ট্রীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিছার্চ ফেল’শ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে৷
ৰাষ্ট্রীয় পর্যায়ত যোৱা বর্ষতে অনুষ্ঠিত অতিকৈ কঠিন বাছনি পৰীক্ষাত অৱতীর্ণ হোৱাৰ পাছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াছমিন হ’ল উত্তৰ–পূর্বাঞ্চলৰ একমাত্র বিজ্ঞানী হিচাপে এহবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে৷ ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নির্দেশ অনুসৰি অহা ৩০ ডিচেম্বৰৰ পূর্বে আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব বুলি জানিবলৈ দি হয়াছমিনে আজি সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাৰ প্রথম প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘ধৈর্য আৰু একাগ্রতা থাকিলে সকলো ক্ষেত্রতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি৷ সফলতা লাভৰ ক্ষেত্রত কোনো প্রত্যাহ্বন হেঙাৰ হ’ব নোৱাৰে৷’ সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা হয়াছমিনে ভাৰতৰ প্রথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাহ বহু অনুপ্রেৰণা যোগাহছিল বুলি প্রকাশ কৰে৷ তেওঁ নৱপ্রজন্মক নিজকে দুর্বল বুলি নাভাবি অধ্যৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্রতিষ্ঠানত স্থান লাভত নিজকে প্রস্তুত কৰি তুলিবলৈ আহ্বান জনায়৷ অসমখনক বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত আগুৱাহ নিবলৈ নিজৰ কর্মক্ষেত্রৰ জৰিয়তে কিছু কাম কৰাৰ আগ্রহো প্রকাশ কৰিছে৷ তেওঁ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্রতিষ্ঠান নাছাত কাম কৰাৰ মন৷ সফলতাৰ আঁৰত তেওঁৰ পিতৃ–মাতৃ, শিক্ষক–শিক্ষয়িত্রীৰ লগতে ৰাজস্থানত কর্মৰত অভিযন্তা স্বামী সাহিদুল হছলামক কৃতজ্ঞতা দিব বিচাৰে৷ এনে বিৰল সফলতাৰ কথা কালিৰে পৰা ছ’চিয়েল মিডিয়াত ভাহৰেল হোৱাৰ পাছত বর্তমান নগাঁও চহৰৰ ভাৰাঘৰত থকা নাজনিন হয়াছমিনৰ লগতে পৰিয়ালবর্গক বিভিন্ন দল–সংগঠনে সাক্ষাৎ কৰি আদৰণি জনোৱা পৰিলক্ষিত হয়৷