নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টাৰনেট কর্তনক লৈ হাই ক’ৰ্টত গোচৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কর্তন কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ৷ ৰাজু প্রসাদ শর্মা নামৰ এজন ব্যক্তিয়ে লিখিত পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কর্তনৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পিক প্রত্যাহ্বান জনাই লেখ আবেদন দাখিল কৰিছে৷ আজি উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে যোৱা ২১ আগষ্টত চতুর্থবর্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ এই পৰীক্ষাৰ সময়ছোৱাত যাতে প্রশ্ণকাকত ফাদিল হ’ব নোৱাৰে, তাৰ বাবে ইণ্টাৰনেট কর্তন কৰা হৈছিল৷ পুৱা ৯ বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বে প্রায় ২৪খন জিলাত ইণ্টাৰনেট কর্তন কৰা হৈছে৷ একেদৰে অহা ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয়বর্গৰ লিখিত পৰীক্ষাৰ সময়তো ইণ্টাৰনেট কর্তন কৰা হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে৷ সেই দিনা পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত ইণ্টাৰনেট সেৱা কর্তন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰে৷ চৰকাৰৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই ৰাজুপ্রসাদ শর্মাই লেখ আবেদনখন দাখিল কৰিছে৷

দ্য ইণ্টাৰনেট ফ্রীডম ফাউণ্ডেচন নামৰ সংস্থাটোৱে মঙলবাৰে এক টুইটযোগে প্রকাশ কৰা অনুসৰি এই আবেদনখন দাখিল কৰাৰ ক্ষেত্রত ৰাজুপ্রসাদ শর্মাক তেওঁলোকে সহায় কৰিছে৷ টুইটত ইণ্টাৰনেট ফ্রীডম ফাউণ্ডেচনে কয়– ‘২১ আৰু ২৮ আগষ্টত ইণ্টাৰনেট কর্তনৰ বাবে ৰাজ্য চৰকাৰে দিয়া নির্দেশনাত প্রত্যাহ্বান জনাই গুৱাহাটী হাই ক’টত লেখ আবেদন দাখিল কৰা কামৰূপৰ সমাজকর্মী ৰাজুপ্রসাদ শর্মাক আমি সহায় আগবঢ়াইছোঁ৷ পৰীক্ষাত অনিয়ম ৰোধ কৰাৰ বাবে ইণ্টাৰনেট কর্তনৰ সিদ্ধান্ত লোৱা হৈছে৷’

You might also like