নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টাৰনেট সেৱা বাতিলঃ পুনৰ ২৪ ঘণ্টালৈ বৃদ্ধি 

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ৰাজ্যৰ দহ জিলাত বাতিল কৰা হৈছিল ইণ্টাৰনেট সেৱা । এইয়া ইণ্টাৰনেট সেৱা বাতিল আজি অৰ্থাৎ সোমবাৰলৈকে আছিল যদিও পুনৰ একক জাননীৰ জৰিয়তে ২৪ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে এই সেৱা বাতিল ।

মঙলবাৰলৈকে বাতিল হৈ থাকিব লগা ইণ্টাৰনেট সেৱা পুনৰ কেতিয়া কাৰ্যক্ষম হৈ উঠিব সেয়া এতিয়াও অস্পষ্ট । লখিমপুৰ , ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট , কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাত ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাৰ ফলত এতিয়া বহু চৰকাৰী কাৰ্যালয়ৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ কাৰ্যত বাধাৰ সৃষ্টি হৈছে ।

You might also like