নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ ‘দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশবাসীক কিছু পৰিমাণে সকাহ দিবলৈ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কোনো কোনো ক্ষেত্রত কিছু শিথিলতাৰ অনুমতি প্রদান কৰিছে ৷ প্রধানমন্ত্রীৰ নির্দেশনা অনুসৰি আমাৰ ৰাজ্যৰ কৃষক, চাহ শ্রমিক তথা বিশেষ কিছুমান উদ্যোগক কর্মক্ষেত্রত ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ এইক্ষেত্রত নিজৰ নিজৰ কর্তব্য পালন কৰিবলৈ গৈ সামাজিক দূৰত্ব বর্তাই ৰখা বিষয়ত যাতে আপোচ নকৰে তাৰ বাবে আপোনালোকক বিনম্র অনুৰোধ জনাইছোঁ ৷’ বুধবাৰে বিয়লি চিৰাং জিলাৰ উপায়ুক্ত কার্যালয় চৌহদত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ জৰিয়তে এইদৰে আহ্বান জনায় ৷ ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ আশংকাত ৰাজ্যত তলাবন্ধ ঘোষণা হোৱাৰ পিছত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে চিৰাং জিলাত উপস্থিত হৈ জিলাখনৰ সাম্প্রতিক পৰিস্থিতিৰ বুজ লয় ৷
মুখ্যমন্ত্রীয়ে বিয়লি প্রায় ২.৩০ বজাত হেলিকপ্টাৰ যোগে আহি বঙাইগাঁও শোধনাগাৰৰ ক্রীড়া প্রকল্পস্থিত অস্থায়ী হেলিপেডত অৱতৰণ কৰে আৰু পোনে পোনে চিৰাং জিলা উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ এখন বৈঠকত মিলিত হয় ৷ বৈঠকত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে অংশগ্রহণ কৰে ৷ চিৰাং জিলাৰ পাঁচ লক্ষাধিক লোকে যাতে এই দুর্যোগৰ মুহূর্তত চৰকাৰ–প্রশাসনৰ ফালৰ পৰা আগবঢ়োৱা সকলো সেৱা তথা সাহায্য সামগ্রী ঠিকমতে লাভ কৰে তাৰ বাবে ২৪ ঘণ্টাই ৰাইজৰ স্বার্থত আত্মনিয়োগ কৰাৰ বাবে প্রস্তুত থাকিবলৈ বিষয়া–কর্মচাৰীসক নির্দেশ দিয়ে ৷ জিলাখনৰ সাধাৰণ প্রশাসন, আৰক্ষী প্রশাসন, স্বাস্থ্য বিভাগ, যোগান বিভাগ, বিদ্যুৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি আদি বিভিন্ন বিভাগৰ কাম–কাজত সন্তুষ্টি প্রকাশ কৰে৷ অনাগত দিনত ইয়াতকৈ অধিক উৎসাহেৰে ৰাইজৰ সেৱাত ব্রতী হৈ কার্য সম্পাদন কৰাৰ বাবে বিভাগীয় বিষয়া–কর্মচাৰীসক নির্দেশ দিয়ে ৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যবাসীক তলাবন্ধৰ সময়ছোৱাত অশেষ কষ্ট স্বীকাৰ কৰি তেওঁলোকে নিজকে গৃহত আবদ্ধ কৰি চৰকাৰ–প্রশাসনে ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে কৰা যুঁজখনত যি অভূতপূর্ব সঁহাৰি জনালে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
ৰাজ্যৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা অতুলনীয় সেৱাৰ ফলশ্রুতিতে ৩৪জনকৈ ক’ভিড–১৯ত সংক্রমিত ব্যক্তিৰ অধিকাংশই সুস্থ হৈ চিকিৎসালয় ত্যাগ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি স্বাস্থ্য বিভাগৰ ভূয়সী প্রশংসা কৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগ, আৰক্ষী, যোগান বিভাগ, বিদ্যুৎ বিভাগৰ বিষয়া–কর্মচাৰী আৰু সংবাদকর্মীসকলৰ সেৱাৰো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শলাগ লয়৷ সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে ৰাজ্যত ইন্ধনৰ মূল্য বৃদ্ধিয়ে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যত কোনো ধৰণৰ প্রভাৱ নেপেলায় বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্রীয়ে নিজে এই বিষয়ে ব্যৱসায়ীসকলৰ সৈতে বার্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্রীয়ে চিৰাং জিলা প্রশাসনৰে বৈঠকত মিলিত হোৱাৰ অন্তত ভাৰতীয় মেডিকেল সন্থাৰ বঙাইগাঁও শাখাই আৰোগ্য নিধিলৈ ১.১১ লাখ টকাৰ চেক এখন প্রদান কৰে ৷ বঙাইগাঁও শাখাৰ হৈ ডাক্তৰ সমিক দেবে মুখ্যমন্ত্রীৰ হাতত চেকখন প্রদান কৰে ৷ মুখ্যমন্ত্রীয়ে চিৰাং জিলা প্রশাসনৰে বৈঠকত মিলিত হোৱাৰ সময়ত বিজনীৰ বিধায়ক কমল সিং নার্জাৰীয়ে মুখ্যমন্ত্রীক সংগ দিয়ে৷ ইফালে, কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্রৰ অন্তর্গত সৰপাৰা বটলিং প্লাণ্টত আজি বিয়লি সদলবলে উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৷ প্লাণ্টত উপস্থিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্বিতীয়টো পর্যায়ৰ লোকডাউন কার্যসূচী অহা ৩ মে’লৈকে বৃদ্ধি কৰি দেশৰ প্রতিজন ব্যক্তিক সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনাইছে৷ প্রধানমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই অসমবাসীয়েও এই তলাবন্ধ কার্যসূচী পালন কৰিছে ৷
তেওঁ কয় চৰকাৰে ৰাজ্যৰ ৩ কোটি ৩০ লক্ষ লোকৰ বাবে জৰুৰী সেৱা আগবঢ়োৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্রী যোগানৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিছে৷ লগতে এই সময়ছোৱাত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকসকলক উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়োৱা হৈছে, যাৰ বাবে অধিকাংশ লোকে আৰোগ্য লাভ কৰি পুনৰ ঘৰলৈ উভতি গৈছে৷ এইক্ষেত্রত অসমৰ স্বাস্থ্য বিভাগে লোৱা তৎপৰতাৰ বাবে অসমৰ ৰাইজৰ আত্মবিশ্বাস বৃদ্ধি পাইছে৷ অসম চৰকাৰৰ যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী বিভাগ, অগ্নিনির্বাপক বাহিনী, পৰিবহণ বিভাগ, শক্তি বিভাগ, অর্ধবাহিনীৰ ফালৰ পৰাও বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ লগতে ৰন্ধন গেছৰ যাতে নাটনি নহয়, তাৰ বাবে বাস্তৱসন্মত ব্যৱস্থা হাতত লৈছে৷ সেইবাবে মুখ্যমন্ত্রী হিচাপে ৰাজ্যৰ প্রতিখন জিলাত ভ্রমণ কৰি স্থানীয় ৰাইজক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰো ব্যৱস্থা গ্রহণ কৰিছে৷ ৰাইজৰ অসুবিধাসমূহ দূৰ কৰিবলৈ জিলা প্রশাসনক ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ জাৰি কৰা হৈছে৷ ইতিমধ্যে বিভিন্ন অঞ্চল ভ্রমণ কৰি অত্যাৱশ্যকীয় সামগ্রীকে ধৰি ৰন্ধন গেছ যোগান ধৰাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ৰন্ধন গেছ যোগানৰ ক্ষেত্রত ভাৰতীয় তেল নিগমে যি পদক্ষেপ গ্রহণ কৰিছে তাৰ বাবে পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানক ধন্যবাদ জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ সমান্তৰালভাৱে দেশৰ বিভিন্ন স্থানৰ পৰা সামগ্রী কঢ়িয়াই অনাৰ বাবে ৰে’লমন্ত্রী পীয়ূষ গোৱেল, খাদ্যমন্ত্রী ৰামবিলাস পাছৱানক ধন্যবাদ জনায় ৷
তেওঁ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই ৰাইজৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে সজাগতা সৃষ্টিত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে মির্জা বটলিং প্লাণ্টৰ সমূহ বিষয়া–কর্মচাৰীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে সৰপাৰা বটলিং প্লাণ্ট চৌহদত গছপুলি ৰোপণ কৰে৷ ইয়াৰ পিছতে উক্ত প্লাণ্ট চৌহদৰ সমূহ বিষয়া, কর্মচাৰীৰ সৈতে মত বিনিময় কৰি সকলোকে ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধৰ যুঁজত নামিবলৈ আহ্বান জনায়৷ আজিৰ এই পৰিদর্শন কালত মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, জিলা উপায়ুক্ত, স্থানীয় বিধায়ক প্রণৱ কলিতা, পলাশবাৰী ৰাজহ চক্র বিষয়া, আৰক্ষী উচ্চপদস্থ বিষয়া, উক্ত প্লাণ্টৰ ডিজিএম পি. জে. চেতিয়া, প্লাণ্ট মেনেজাৰ গিৰিধৰ অধিকাৰী আদিকে ধৰি বহুসংখ্যক চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে ৷