নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পিতনিত সোমোৱাৰ পাচতেই এগৰাকী যুৱতী সহ তিনিজনে সাৱটি ল’বলগীয়া মৃত্যুক । AS 01 BN 1574 নম্বৰ বাহনখন পুৱতি নিশা প্ৰায় তিনি মান বজাত পতিত হয় দুৰ্ঘটনাত ।
গুৱাহাটীৰ পৰা বাইহাটা অভিমুখে গৈ থকা বাহনখনত নিহত যুৱতীগৰাকী কাহিলীপাৰাৰ মধুস্মিতা শৰ্মা আৰু আন এজন নলবাৰীৰ তপন শৰ্মা বুলি চিনাক্ত কৰা হৈছে । নিহত চালকজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই । উল্লেখ্য যে , দুৰ্ঘটনা পতিত এই বাহনখন দিছপুৰৰ গোবিন্দ বৈশ্যৰ বুলি জানিব পৰা গৈছে ।