নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ ৰাজ্যক লৈ কেন্দ্রই গঠন কৰিব ‘নেওমা’

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাজ্যক অর্থনৈতিকভাৱে দীর্ঘসময় ধৰি ক্ষতিগ্রস্ত কৰি অহা বান আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে গ্রহণ নকৰিলেও অসমৰ বান সমস্যাক লৈ কেন্দ্রীয় চৰকাৰ উদ্বিগ্ন ৷ অসমৰ বানক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ পৰিৱর্তে এই সমস্যা সমাধানত বিশেষ গুৰুত্ব দিছে কেন্দ্রই৷ মঙলবাৰে বিধানসভাত এই কথা ঘোষণা কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই কয় যে অসমৰ বান সমস্যাৰ সমাধান সূত্র উলিয়াবলৈ কেন্দ্রীয় জল আয়োগে অচিৰেই গঠন কৰিব নর্থ–ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটী (নেওমা)৷ উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ অংশগ্রহণেৰে গঠন হ’বলগা নেওমা গঠন হ’লে অসমৰ বান সমস্যাৰ প্রকৃত কাৰণ আৰু ইয়াৰ সমাধান সূত্র উলিওৱাত সহজ হ’ব৷ বিধানসভাৰ পূর্বে উত্থাপন হোৱা বান–গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে গ্রহণ কৰা হওক শীর্ষক এক সংকল্প প্রস্তাৱৰ উত্তৰ প্রদান কৰি মন্ত্রী মহন্তই কয় যে অসমৰ মাজেৰে বৈ যোৱা প্রায় সকলোবোৰ নদীৰ উৎস উত্তৰ–পূবৰ আন ৰাজ্যসমূহ৷ মাত্র তিনিখন নৈহে অসমত উৎপত্তি হৈ ৰাজ্যখনৰ মাজেৰে বৈ গৈছে৷ গতিকে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ সহযোগিতা অবিহনে বান–খহনীয়াৰ সমস্যা সমাধান কৰা সম্ভৱ নহয়৷ মুখ্যতঃ এই উদ্দেশ্য আগত লৈ গঠন হ’বলগা নেওমাক কেন্দ্রীয় চৰকাৰে পুঁজি যোগান ধৰিব৷

ইতিমধ্যে অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আবণ্টন দিয়া ১০০ কোটি টকাৰ পুঁজিৰে দুটা প্রতিষ্ঠানে অধ্যয়ন চলাই বিস্তৃত প্রতিবেদন দাখিল কৰিছে৷ এই প্রতিবেদনমর্মে নেওমা গঠন প্রক্রিয়া আৰম্ভ হৈছে৷ আনহাতে, ৰাজ্যৰ ভগ্ন মথাউৰিসমূহ পুনৰ মেৰামতিৰ ক্ষেত্রত চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, এছ অ’ পি চি পুঁজিৰ লগত ফ্লাড ডেমেজ ফাণ্ড লগ লগাই মথাউৰিসমূহৰ ভগ্ন অংশ নতুনকৈ মেৰামতি কৰা হ’ব৷ একমাত্র মেৰামতিয়ে নহয়, মথাউৰিসমূহ ৰাস্তালৈ পৰিৱর্তনৰ ব্যৱস্থা কৰা হ’ব৷ ইফালে, ৰাজ্যৰ বান সমস্যা সন্দর্ভত বিৰোধী দলপতি দেৱব্রত শইকীয়াই বক্তব্য প্রদান কৰি সদনত কয় যে বান সমস্যা সন্দর্ভত কেন্দ্রীয় চৰকাৰক হেঁচা দিবলৈ বিধানসভাৰ এটা প্রতিনিধি দল দিল্লীলৈ প্রেৰণ কৰিব লাগে৷

You might also like