নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব ৰে’লৱেৰ সাতখন লাভজনক ৰে’ল ব্যক্তিগতকৰণৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দেশৰ পৰিবহণ ব্যৱস্থাত বছৰ বছৰ ধৰি আটাইতকৈ কম খৰছী ভ্ৰমণৰ সুবিধা প্ৰদান কৰিও লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈ অহা ৰে’লৱেক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে ১৫০খন ৰে’ল আৰু ৫০ টা ৰে’লৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছে৷ ইয়াৰ ভিতৰত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত গুৱাহাটীৰ পৰা চলাচল কৰা লাভজনক ৭খন ৰে’ল আৰু কামাখ্যা ষ্টেচন ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে ৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে এন এফ ৰেল’ৱে মজদুৰ ইউনিয়ন ৷ বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাশগুপ্তই কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্ত জনবিৰোধী৷ অসমৰ পৰা চলাচল কৰা ৭খনকৈ ৰে’ল আৰু কামাখ্যা ষ্টেচন ব্যক্তিগতকৰণ কৰিলে ৰে’ল কর্মচাৰীসকলৰ লগতে জনসাধাৰণেও ইয়াৰ দুর্ভোগ ভুগিব লাগিব৷ কেন্দ্রীয় চৰকাৰ আৰু ৰে’ল মন্ত্রালয়ে ইতিমধ্যে তিনিখনকৈ ৰে’ল আই আৰ চি টি চিক হস্তান্তৰ কৰিছে৷ ৰে’ল তিনিখনৰ ভাৰা নির্ধাৰণ কৰিবলৈও আই আৰ চি টি চিক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিছে৷ ফলত এই তিনিখন ৰে’লৰ যাত্রীৰ পৰা ৰে’ল বিভাগৰ অধীনত চলাচল কৰা ৰে’লৰ তুলনাত ৫০ শতাংশ বেছি৷ ইয়াৰ পাছতো কেন্দ্রীয় চৰকাৰে ইয়াৰ বাহিৰত ১৫০খন ৰে’ল আৰু ৫০টা ৰে’লৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই ৰে’লকেইখনৰো বজাৰ মূল্য অনুসৰি ব্যক্তিগত খণ্ডক ভাৰা নির্ধাৰণ কৰিবলৈ কর্তৃত্ব প্রদান কৰা হৈছে৷ ফলত গুৱাহাটীৰ পৰা চলাচল কৰা ৭খন ৰে’লৰ ভাৰা বৃদ্ধি হ’ব৷ এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰে সর্বসাধাৰণ জনতাক মাধমাৰ শোধাব আৰু এই ব্যৱস্থাই কেৱল কর্প’ৰেট খণ্ডক চহকী কৰিব৷ অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেচন আৰু এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ব্যক্তিগত খণ্ডৰ অধীনত ৰে’ল চলাচল কৰিবলৈ দিয়া কার্যৰ তীব্র বিৰোধিতা কৰি আহিছে আৰু ইয়াৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীও গ্রহণ কৰি আহিছে৷ ‘কাইলৈ ৰে’লৱেক ব্যক্তিগতৰণ আৰু নতুন পেন্সন নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তৰফৰ পৰা মালিগাঁওস্থিত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়ৰ মহাপ্রবন্ধকৰ কার্যালয়ৰ সন্মুখত বিক্ষোভ কার্যসূচী গ্রহণ কৰি প্রতিবাদ সাব্যস্ত কৰা হ’ব৷’ –এইদৰে কয় ৰাখাল দাশগুপ্তই৷ ৰে’লৱেক ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কৰি এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সম্পাদক আশিস বিশ্বাসে কয়– চৰকাৰে নিজৰ পুঁজি বৃদ্ধি কৰিবলৈ ৰে’লৱেক ব্যক্তিগতকৰণৰ সিদ্ধান্ত লৈছে৷ এয়া জনবিৰোধী সিদ্ধান্ত৷ কাৰণ ব্যক্তিগতকৰণ হ’লে ৰে’লৰ ভাৰা বৃদ্ধি হোৱাৰ লগতে ষ্টেচনৰ জিৰণি কক্ষত বহিবৰ বাবেও যাত্রীয়ে টকা দিব লাগিব৷ অৱশ্যে ইউনিয়নৰ বিৰোধিতাৰ বাবে চৰকাৰে এইপর্যন্ত কামাখ্যা ষ্টেচন হস্তান্তৰ কৰিব পৰা নাই৷ আনহাতে, গুৱাহাটী–তিলক ব্রিজ, কাটিহাৰা–তিলক ব্রিজ, কৃষাণগঞ্জ–তিলক ব্রিজ, কুচভেলী–গুৱাহাটী, টিচিবিটি–গুৱাহাটী, ছেকেন্দ্রাবাদ–গুৱাহা এই ৭খন ৰে’ল ব্যক্তিগতকৰণৰ সিদ্ধান্ত লৈছে যদিও এইপর্যন্ত নিবিদা আহ্বান কৰা নাই৷ কিন্তু কম সময়ৰ ভিতৰতে চৰকাৰে নিবিদা আহ্বান কৰাৰ সম্ভাৱনা আছে৷ কাৰণ চৰকাৰে ২০২০–২১ বর্ষৰ বিত্তীয় বাজেটত দেশৰ ৰে’লকে ধৰি ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ বিক্রী কৰিবলৈ ২ লাখ ১০ হাজাৰ কোটি টকা নির্ধাৰণ কৰিছে৷ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণ কৰিলে ১৯৭৪ চনৰ দৰে ৰে’লসেৱা বন্ধ কার্যসূচী ঘোষণা কৰা হ’ব বুলিও আশিস বিশ্বাসে সকীয়াই দিয়ে৷ সংবাদ মেলত ইউনিয়নৰ যুটীয়া সম্পাদক দিলীপ চক্রৱর্তী, সমীৰ চক্রৱর্তীও উপস্থিত থাকে ৷

You might also like