নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্থাপন হ’ল ‘কেব’ : অসমত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ৰাজ্যজুৰি আন্দোলন আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হয় নাগৰিকত্ব সংশোধনী বিধেয়ক । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পাচতেই আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে বিতৰ্কিত বিধেয়কখন ।

বিধেয়ক উত্থাপনৰ পাচতেই সংসদৰ মজিয়াত কংগ্ৰেছকে ধৰি কেববিৰোধী সাংসদ সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । সমান্তৰালকৈ সোমবাৰে লোকসভাত উত্থাপন হোৱা বিধেয়কখনৰ বিৰুদ্ধে সোমবাৰে পুৱাৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । চুতীয়া ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনৰ ১২ ঘণ্টীয়া অসম বন্ধৰ লগতে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে সংগঠনসমূহে ।

You might also like