নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি দিহিঙীয়া মহুৰা পথাৰ, বৰপ্ৰসাদ তৈয়াৰৰ বাবে কিদৰে চলিছে প্ৰস্তুতি ?

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন বাকী । ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে এই অধিৱেশনৰ । ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এতিয়া সাজু কৰি তোলা হৈছে কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ ।

৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা এই অধিৱেশনত ৩০ ৰ পৰা ৩৫ লক্ষ ভক্তৰ আগমন ঘটিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে । ভকত-বৈষ্ণৱক আদৰিবলৈ এতিয়া সাজু হৈ পৰিছে কমাৰগাঁওবাসী । ইতিমধ্য ভক্তসকলৰ বাবে গঢ়ি তোলা হৈছে এক বিশাল ৰান্ধনীশাল । প্ৰায় ৩০০ টা চৌকা, ৪০০ কুইণ্টল চাউল, ১৫০ কুইণ্টল দাইল,১৫০ টিন মিঠাতেল আৰু প্ৰায় ১০ লাখ টকাৰ শাক-পাচলিৰে বৰপ্ৰসাদ প্ৰস্তুত কৰা হ’ব ভকতৰ বাবে । ৩০০ টা চৌকাত ৬০০ ৰান্ধনীয়ে প্ৰস্তুত কৰিব এই বৰপ্ৰসাদ । এবাৰত প্ৰায় ৭০ কুইণ্টল খৰিৰে তৈয়াৰ হ’ব লগা প্ৰসাদৰ গ্ৰহণৰ বাবে অভ্যৰ্থনা গৃহত ৫০০০ লোক বহিব পাৰিব ।

ইফালে, শ্ৰীমন্ত শংকৰদেৱৰ বাণীৰে এই অধিৱেশন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে এতিয়া মুছলমান ধৰ্মাৱলম্বী লোকসকলো ওলাই আহিছে অধিৱেশনস্থলীলৈ । হৰিনাম আৰু জিকিৰৰ ধ্বনিৰে মুখৰিত হৈ থকা অধিৱেশনস্থলীত সোমবাৰে অধিৱেশন সফল কৰি তোলাৰ বাবে সকলোৱে আল্লা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা দেখা গ’ল ।

You might also like