উদ্ধৱ ভৰালীৰ জীৱন কাহিনী দিল্লীৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কঠোৰ সংগ্ৰাম, পদে পদে প্ৰত্যাহ্বানক নেওচি উদ্ভাৱন জগতত নিজৰ প্ৰযুক্তিক অনন্য ৰূপেৰে সজাই তোলা আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱক পদ্মশ্ৰী ড০ উদ্ধৱ কুমাৰ ভৰালীৰ জীৱন আৰু কর্মৰাজিক দিল্লীৰ শিক্ষা বিভাগে ইয়াৰ অধীনৰ পাঠ্যক্রমত স্থান দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ নতুন দিল্লীৰ ৰাজ্যিক শিক্ষা সংসদ গৱেষণা আৰু প্রশিক্ষণ (এছ চি ই আৰ টি) বিভাগৰ পৰা প্রেৰণ কৰা এক পত্রৰ জৰিয়তে লখিমপুৰ কমলাবৰীয়া পথ নিৱাসী বিখ্যাত উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীক এই সুখবৰ জনোৱা হয়৷ পত্রখনত উল্লেখ থকা অনুসৰি দেশৰ প্রতিষ্ঠিত লেখিকা শীলা ভাটিয়াই উদ্ভাৱকগৰাকীৰ জীৱন আৰু কর্মৰাজিৰ ওপৰত আলোকপাত কৰি এক পাঠ যুগুতাই উলিয়াইছে৷ ঔদ্যোগিক মানসিকতা পাঠ্যক্রমৰ অধীনত সন্নিৱিষ্ট হ’ব লগা এই পাঠৰ জৰিয়তে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱমৰ পৰা দ্বাদশ শ্রেণীৰ সাত লাখৰো অধিক ছাত্র–ছাত্রীয়ে বিশিষ্ট উদ্ভাৱক ভৰালীৰ জীৱন আৰু কর্মৰাজিৰ বিষয়ে অধ্যয়ন কৰিব৷ শীলা ভাটিয়াই লিখি উলিওৱা হিন্দীত প্রকাশ পাব লগা পাঠটিত মূলতঃ শূন্য হাতেৰে আৰু ১৮ লাখ টকাৰ ঋণৰ বোজা মূৰত লৈ উদ্ভাৱন জগতত সংগ্রামত জড়িত হোৱা ভৰালীৰ দৃঢ় মানসিকতা আৰু আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ অর্থৰ প্রতি লালায়িত নহৈ নিজৰ উপার্জনৰ সৰহভাগ টকা বিশেষভাৱে সক্ষম লোকৰ সহায় হোৱাকৈ ন ন প্রযুক্তি উদ্ভাৱনত ব্যৱহাৰ কৰা বিষয়ে পাঠটোত প্রকাশ পাইছে৷ সহজ প্রযুক্তিৰ দ্বাৰা বিশেষভাৱে সক্ষম লোকৰ সহায় কেনেদৰে কৰিব পাৰি, তাৰ উদাহৰণ উল্লেখ কৰি পাঠটোত ৰাজ নামৰ বিশেষভাৱে সক্ষম ছাত্রজনৰ আঘাতপ্রাপ্ত আঁঠুত পিন্ধিব পৰাকৈ চেণ্ডেলৰ প্রযুক্তি উদ্ভাৱন কৰাৰ পৰা ধৰি খোজকাঢ়িব নোৱাৰা একাংশ লোকৰ বাবে সহায়ক হোৱাকৈ প্রযুক্তি উদ্ভাৱন কৰা বিষয়বস্তুৱেও ঠাই পাইছে৷ ইতিমধ্যে উদ্ভাৱক ভৰালীয়ে দিল্লী শিক্ষা সংসদক তেওঁৰ বিষয়ে পাঠ সন্নিৱিষ্ট কৰিবলৈ অনুমতি দিছে৷ অহা শিক্ষা বর্ষত দিল্লীৰ এছ চি ই আৰ টি পাঠ্যক্রমত ভৰালীৰ জীৱন আৰু কর্মভিত্তিক পাঠ সন্নিৱিষ্ট হ’ব বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত নিজৰ মনৰ ভাব প্রকাশ কৰি উদ্ভাৱক ভৰালীয়ে কয়– ‘দিল্লীৰ শিক্ষা বিভাগে লোৱা এই পদক্ষেপে মোৰ সংগ্রামী জীৱন আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে মই অহৰহ কৰি অহা কামৰ স্বীকৃতি দিছে৷ কম বয়সতে প্রযুক্তিৰ জগতখনৰ কথা ছাত্র–ছাত্রীক অৱগত কৰাবলৈ শিক্ষা বিভাগটোৱে গ্রহণ কৰা প্রচেষ্টা শলাগৰ পাত্র৷’ অতীতৰ কথা ৰোমন্থন কৰি প্রখ্যাত উদ্ভাৱকগৰাকীয়ে কয়– ‘সৰু কালত আমিও পাঠ্যপুথিত বিভিন্ন মহৎ লোকৰ জীৱন আৰু কর্মৰাজিৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ৷ আজি মোৰ কর্মৰ বিষয়ে পাঠ্যপুথিত সন্নিৱিষ্ট হ’ব বুলি জানি আনন্দিত হৈছো৷’ নিজৰ সপোনৰ কথা প্রকাশ কৰি ভৰালীয়ে কয়– ‘অসমৰ ছাত্র–ছাত্রীসকলৰ বাবে কিবা এটা কৰাৰ সপোন বুকুত পুহি ৰাখিছেছা৷ ডাঙৰ হৈ অহা প্রতিজন ছাত্র–ছাত্রীয়ে যাতে প্রযুক্তিৰ জগতখনৰ কথা জানিব পাৰে, তাৰ বাবে এটি প্রতিষ্ঠান গঢ় দিয়াৰ প্রয়োজন৷ কিন্তু মই অকলশৰে এনে এটা প্রতিষ্ঠান গঢ় দিবলৈ অগ্রসৰ হৈ বহু প্রতিবন্ধকতাৰ সন্মুখীন হৈছেছা৷ চৰকাৰখনে সাহিত্য–সংস্কৃতিৰ লগতে প্রযুক্তি জগতখনৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ ল’ব বুলি মই আশাবাদী৷’ ভৰালীৰ জীৱনৰ এই শেহতীয়া কৃতিত্বক লৈ লখিমপুৰ জিলাৰ বিভিন্ন ব্যক্তি–সংগঠনে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷