নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বিগ্ন স্বাস্থ্যমন্ত্রীৰ প্রশ্ন – ‘ইএছআইচিত দীপিকাৰ ছোৱাব টেষ্ট কৰা নহ’ল কিয় ?’

নিয়মীয়া বাৰ্তা, ১০ মে’ : চিকিৎসকৰ চৰম গুৰুত্বহীনতাৰ বাবেই বিনাচিকিৎসাৰে মৃত্যুক সাবটি ল’লে ক’ভিড–১৯ আক্রান্ত দীপিকা নাথে ৷ বৃহস্পতিবাৰে হঠাতে মৃত্যুক সাবটি লোৱা কিশোৰীগৰাকীক লৈ চলি থকা চর্চাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে কিদৰে চিকিৎসাৰ ক্ষেত্রত চৰম অৱহেলিত হৈছিল দীপিকা নাথ ৷ কিশোৰীগৰাকীৰ শৰীৰত স্পষ্ট লক্ষণ থকাৰ পাছতো কিয় পৰীক্ষা কৰোৱা নহ’ল, তাক লৈ শনিবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রশ্ন উত্থাপন কৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টভাৱে কয় – ‘দীপিকা নাথৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণ স্পষ্টভাৱে দেখা দিয়াৰ পাছতো তেওঁৰ ছোৱাব পৰীক্ষা কৰা কিয় নহ’ল, সেয়া চিন্তাৰ বিষয় ৷ এয়া চিকিৎসকৰ ভুল ৷ তেওঁ যেতিয়া ই এছ আই চি হাস্পতাললৈ গৈছিল, তেতিয়া তেওঁৰ সম্পূর্ণ লক্ষণ আছিল ৷ জ্বৰ আৰু ভৰিৰ বিষ থকাৰ পাছতো তেওঁক পৰীক্ষা নকৰাটো এক অস্বাভাৱিক বিষয় ৷ তেওঁৰ নমুনা ই এছ আই চি হাস্পতালে কিয় নল’লে, সেয়া ভাবিবলগীয়া কথা ৷ মন কৰিবলগীয়া যে বেলতলাস্থিত কর্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয় (ই এছ আই চি) হাস্পতালখনলৈ বিগত ৫ মে’ত দীপিকা নাথে ভৰিৰ বিষ দেখুৱাবৰ বাবে গৈছিল ৷ সেই দিনা চিকিৎসালয়খনৰ বহিঃবিভাগত তেওঁৰ নাম পঞ্জীয়নো কৰা হৈছিল ৷ সেইমর্মে ই এছ আই চিৰ অর্থপেডিক বিভাগৰ চিকিৎসক ডাঃ পলাশ বৰাই কিশোৰীগৰাকীক কোনোধৰণৰ পৰীক্ষা নকৰাকৈ বিষ, গেষ্ট্রিক আৰু কেলচিয়ামযুক্ত ঔষধ দি যাবলৈ দিছিল ৷ কিন্তু এই সময়ছোৱাত যুৱতীগৰাকীক ক’ভিড–১৯ পৰীক্ষা কৰা নহ’ল ৷ আনকি দীর্ঘদিনৰ পৰা ভৰিৰ বিষত ভুগি দুর্বল হৈ পৰা কিশোৰীগৰাকীক চিকিৎসকে জি এম চি এইচলৈ প্রেৰণ নকৰিলে ৷ এনেদৰে তিনিবিধ ঔষধ লৈ দীপিকা নাথে বি বৰুৱা কর্কট প্রতিষ্ঠানত থকা আইতাকৰ কোৱার্টাৰলৈ অহাৰ পাছত ভৰিৰ বিষ বৃদ্ধিহে হ’ল ৷ ৭ মে’ত ভৰিৰ বিষ বৃদ্ধি পোৱাৰ লগতে তেওঁৰ বমি হয় ৷

অৱশ্যে এই সময়ছোৱাত দীপিকা নাথক আইতাকে বিৰুবাৰীস্থিত শ্রম বিভাগৰ অধীনৰ কর্মচাৰী ৰাজ্য বীমা আঁচনিৰ চিকিৎসালয়লৈ লৈ গৈছিল ৷ কিন্তু এইবাৰো কিশোৰীগৰাকী জ্বৰত ভুগি থকাৰ পাছতো তেওঁৰ ক’ভিড–১৯ৰ পৰীক্ষা নকৰিলে ৷ ইফালে, সমগ্র বিষয়টোক লৈ দীপিকাৰ মাতৃয়েও তীব্র ক্ষোভ প্রকাশ কৰিছে ৷ ইতিমধ্যে কোৱাৰেণ্টাইনত থকা কিশোৰীগৰাকীৰ মাতৃয়ে প্রকাশ কৰা মতে, ৪ মে’ সোমবাৰে দুপৰীয়া দীপিকাৰ ভৰিৰ বিষ আৰু জ্বৰ উঠে ৷ কম সময়ৰ ভিতৰতে এই বিষ কঁকাললৈ যায় ৷ অৱশ্যে পৰৱর্তী সময়ত কিছু বিষ কম হোৱাত ই এছ আই চি হাস্পতাললৈ নিয়া হয় ৷ চিকিৎসালয়ত চিকিৎসকে পৰীক্ষা নকৰাকৈ দৰব দিয়াত উভতি আহিবলগীয়া হয় ৷ তেনেদৰে ৬ মে’লৈ থকাৰ পাছত দীপিকাই ভৰিৰ বিষত থাকিব নোৱাৰা হয় ৷ সমান্তৰালভাৱে তেওঁৰ বমিও হৈছিল ৷ যাৰ বাবে দীপিকাক বি বৰুৱা কর্কট প্রতিষ্ঠানলৈ নিয়া হয় ৷ কিন্তু কোনো এখন চিকিৎসালয়তে যুৱতীগৰাকীক কোনোধৰণৰ পৰীক্ষা কৰা হোৱা নাছিল ৷ উপায়ান্তৰ হৈ এই সময়ছোৱাতে চেৰাপভাটিৰ এটা শিৱ মন্দিৰলৈ জৰা–ফুঁকাৰ বাবে নিয়া হৈছিল দীপিকাক ৷ ইয়াৰ পাছতেই দীপিকাৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটে আৰু বৃহস্পতিবাৰে মৃত্যু ঘটে ৷

মন কৰিবলগীয়া যে কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নথকা দীপিকা নাথৰ দেহলৈ কিদৰে ক’ৰোনা ভাইৰাছ সংক্রমিত হ’ল, তাক লৈ এতিয়া স্বাস্থ্য বিভাগত চলিছে চর্চা ৷ দীপিকা নাথ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ আঁত বিচাৰি একপ্রকাৰ হাবাথুৰি খাইছে স্বাস্থ্য বিভাগে ৷ তীব্র জ্বৰত ভুগি থকা কিশোৰীগৰাকীক কিয় পৰীক্ষাৰ বাবে জি এম চি এইচ অথবা মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়লৈ প্রেৰণ কৰা নহ’ল, সেয়াও এক ৰহস্য ৷ বিশেষকৈ ই এছ আই চি হাস্পতালৰ চিকিৎসকৰ কাণ্ডজ্ঞানহীন কার্যক লৈ শনিবাৰে মুকলিকৈ ক্ষোভ প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ এইক্ষেত্রত স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে ৷ উল্লেখ্য যে ৫ মে’ৰ দিনা দীপিকা আৰু তেওঁৰ মাতৃ বেলতলা ই এছ আই চি হাস্পতাললৈ এখন ৰিক্সাৰে গৈছিল ৷ স্বাস্থ্য বিভাগে সেই ৰিক্সাচালক নগেন বর্মনৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে আৰু তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে আহিবলৈ আহ্বান জনাইছে যদিও আৰম্ভণিতে সঁহাৰি জনোৱা নাছিল নগেন বর্মনে ৷ দুবাৰকৈ তেওঁক যোগাযোগ কৰাৰ পাছত অৱশ্যে ৰিক্সাচালকজনে আজি স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হয় ৷

You might also like