উপার্জন দুগুণৰ বাবে কৃষকক চৰকাৰী আঁচনিৰ সুবিধা গ্রহণৰ আহ্বান
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ বৰপেটা জিলা কৃষি বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা প্রশাসনৰ সহযোগত বুধবাৰে পৰা বৰপেটাত দুদিনীয়া কৃষক মেলা অনুষ্ঠিত হয়৷ এই কৃষক মেলা উদ্বোধন কৰে হাউছফেডৰ অধ্যক্ষ, সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ কৃষক মেলা উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কৃষকসকলৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে লোৱা আঁচনিসমূহৰ সর্বাধিক সুবিধা গ্রহণ কৰিবলৈ কৃষকসকলক আহ্বান জনায়৷ তেওঁ কয় যে চৰকাৰে কৃষকৰ লগতে সকলো শ্রেণীৰ ৰাইজৰ বাবে জন্মৰ পৰা মৃত্যুপর্যন্ত প্রতিটো অৱস্থাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ মাত্র শ্মশানলৈ নিয়াৰহে আঁচনি নাই৷ তেওঁ অনাকৃষকসকলকো কৃষি কার্যৰে নিজৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ বৰপেটা চহৰৰ মৰানদীৰ পাৰৰ চায়াৰাম ছোৱালী হাইস্কুল খেলপথাৰত আয়োজিত এই মেলাৰ উদ্বোধনী অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্র নাথ দাসে বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰৰ ভূয়সী প্রশংসা কৰে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে উপায়ুক্ত মুনীন্দ্র শর্মাই আদৰণী ভাষণ দিয়ে৷ সভাত অসম শক্তি উৎপাদন কোম্পানীৰ সঞ্চালক শংকৰ দাস আৰু অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মেলাখনত কৃষকৰ সৈতে জডিত বিভিন্ন বিষয়ৰ বিপণীৰ উপৰি জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে স্বাস্থ্য, জলসিঞ্চন, ভূমি সংৰক্ষণ, পশুপালন, দুগ্ধ উন্নয়ন, পৰিবহণ, উদ্যোগ, দুর্যোগ ব্যৱস্থাপনা, ৰেচম, হস্ততাঁত বস্ত্র, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, নগৰ আৰু গাঁও পৰিকল্পনা, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগে বিপণী স্থাপন কৰাৰ উপৰি হাউলী কৃষি বিজ্ঞান কেন্দ্রয়ো অংশ লৈছে৷ মেলাৰ সৈতে সংগতি ৰাখি জৈৱিক কৃষি পদ্ধতি আৰু ব্যৱসায়িক ভিত্তিত ষ্ট্রবেৰী খেতিৰ সম্পর্কত দুটি প্রশিক্ষণ কার্যসূচীও অনুষ্ঠিত কৰা হয়৷