নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ গ্রেপ্তাৰ লাটমণ্ডল

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে৷ বিশেষকৈ বিভিন্ন কামৰ নামত উৎকোচ লোৱা চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আহিছে৷ এইবাৰ অসম আৰক্ষীৰ দুর্নীতি নিবাৰকৰ জালত পৰিল দক্ষিণ শালমাৰা ৰাজহ চক্রৰ এজন লাট মণ্ডল৷ মাটি নামজাৰিৰ নামত উৎকোচ দাবী কৰা লাট মণ্ডল আবু তালেব মিঞাক আজি দুর্নীতি নিবাৰকে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ ২১ হাজাৰ টকা উৎকোচ দাবী কৰা মিঞাই আগধন হিচাপে ১৩ হাজাৰ টকা লোৱাৰ সময়তে দুর্নীতি নিবাৰকে গ্রেপ্তাৰ কৰে৷ দুর্নীতি নিবাৰকে এই সন্দর্ভত দুর্নীতি প্রতিৰোধ আইনৰ ৭(এ) ধাৰাৰ অধীনত ৪/২০৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ দক্ষিণ শালমাৰা ৰাজহ চক্র বিষয়াৰ কার্যালয়ত কর্মৰত আবু তালেব মিঞাই আৰ টি পি এছৰ জৰিয়তে নামজাৰিৰ বাবে এজন ব্যক্তিৰ পৰা উৎকোচ বিচাৰিছিল৷ ব্যক্তিজনে তেওঁক উৎকোচ দিয়াৰ পৰিৱর্তে দুর্নীতি নিবাৰক শাখাৰ কাষ চাপে৷ ইয়াৰ ভিত্তিতে আজি দুর্নীতি নিবাৰকৰ এটা দলে দক্ষিণ শালমাৰা ৰাজহ চক্রৰ কার্যালয়ত জাল পাতি উৎকোচ লোৱাৰ সময়ত মিঞাক গ্রেপ্তাৰ কৰে৷ ইতিমধ্যে তেওঁৰ পৰা উৎকোচ হিচাপে লোৱা ১৩ হাজাৰ টকা উদ্ধাৰো কৰা হৈছে৷

You might also like