নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বড়়োভূমিৰ ৰাজনীতি । বিশেষকৈ চুক্তি স্বাক্ষৰকাৰী এবছুৰ সদ্যপ্ৰাক্তন সভাপতি প্ৰমোদ বড়ো আৰু এডিএফ বিৰ চাৰিওটা গোটৰ নেতৃবৃন্দৰ ৰাজনৈতিক অভিষেকক লৈ বিভিন্ন সমীকৰণ–চর্চা অব্যাহত আছে ৷ ইয়াৰ মাজতে তুংগত উঠিছে বিটিচিৰ মুখ্য কার্যবাহী সদস্য তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ বাকযুদ্ধ ৷ বি টি আৰ চুক্তি স্বাক্ষৰকাৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে গোসাঁইগাঁৱত আয়োজিত বিশাল জনসভাত অংশ লৈ প্রমোদ বড়োৱে উভতি ধৰে হাগ্রামা মহিলাৰীক ৷ এবছুৰ প্রাক্তন সভাপতিজনে হাগ্রামা মহিলাৰীক তীক্ষ্ণ কটাক্ষ কৰি কয়– ‘এই পৃথিৱীৰ নতুন মহাত্মা গান্ধী হ’ল হাগ্রামা মহিলাৰী ৷ তেৱেঁই অকল সঁচা কথা কয়, আন কোনেও নকয় ৷ তেওঁ যদি ইমানেই সত্যবাদী, তেন্তে বিগত ১৭ বছৰত তেওঁ কি ভাল কাম কৰিলে, সেয়া ৰাইজক জনাওক৷ প্রকৃততে বিটিচিৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা হাগ্রামা মহিলাৰীয়ে প্রমোদ বড়োক লৈ শংকিত হৈ আছিল ৷ এতিয়া আৰু বেছিকৈ শংকিত হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবেই বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে ৷’
উল্লেখ্য যে বৃহস্পতিবাৰে কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদ মেলত হাগ্রামা মহিলাৰীয়ে মিছলীয়া আখ্যা দিছিল প্রমোদ বড়োক ৷ অকল তাতেই ক্ষান্ত নাথাকি ৰাইজক আভুৱা ভাঁৰি প্রত্যক্ষ ৰাজনীতিলৈ আহি প্রমোদ বড়োৱে এতিয়া দুগুণ মিছা কথাৰে ৰাইজক বিভ্রান্ত কৰিব বুলিও মন্তব্য কৰিছিল হাগ্রামা মহিলাৰীয়ে ৷ অনাগত দিনত হাগ্রামা মহিলাৰীৰ বাবে কোনোধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন নোহোৱাৰ দাবী কৰি প্রমোদ বড়োৱে বিশাল সমাৱেশখনত দিয়া ভাষণ প্রসংগত পুনৰ কয় যে অনাগত দিনত বি টি আৰত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ এনাজৰীক শক্তিশালী কৰি স্থায়ী শান্তি প্রতিষ্ঠাৰে ৰাইজৰ শিক্ষা–দীক্ষা, অর্থনৈতিক আদি সকলো সমস্যা সমাধান কৰাটোৱে হ’ব মূল প্রত্যাহ্বান৷ ইয়াত হাগ্রামা মহিলাৰী, বি পি এফ তথা কোনো নির্দিষ্ট ব্যক্তিৰ কথা নাহে৷ বিগত দিনত বিটিচিত সকলো জাতি–জনগোষ্ঠীৰ মাজত দীর্ঘদিনৰ পৰা ভেদাভেদ হৈ এক অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল ৷ এনে সকলো ভেদাভেদ পাহৰি ৰাজনীতিৰ ঊর্ধ্বত গৈ জাতি–জনগোষ্ঠীৰ মাজত শান্তি প্রতিষ্ঠা কৰি সর্বাংগীণ উন্নয়ন কৰাটোৱে হ’ব আমাৰ মূল লক্ষ্য ৷ চুক্তি স্বাক্ষৰকাৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে নৱগঠিত স্বাগতম সমিতিৰ উদ্যোগত আয়োজিত জনসমাৱেশখনত সভাপতিত্ব কৰে স্বাগতম সমিতিৰ সভাপতি ড০ মঞ্জিল বসুমতাৰীয়ে ৷
সভাত এন ডি এফ বি (প্র)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়েও ভাষণ দিয়ে ৷ সভাত এম চি এল এ জিৰণ বসুমতাৰী, যুৱ ইউ পি পি এলৰ সভাপতি সোমনাথ নার্জাৰী, আহ্বায়ক ভৱানী বাগলাৰীসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে জনসভাৰ পূর্বে এটা বিশাল সমদল উলিওৱা হয় ৷ মাৰোৱাৰী ভৱনৰ সমীপৰ পৰা গোসাঁইগাঁও জিলা ক্রীড়া সন্থাৰ সভাপতি তথা প্রাক্তন পৰিষদীয় সদস্য ৰহিন্দ্র ব্রহ্মই শুভ উদ্বোধন কৰা সমদলত অংশ লোৱাসকলে জয় বড়ো হাৰিণী, প্রমোদ বড়ো জিন্দাবাদ, শান্তি চুক্তি স্বাক্ষৰকাৰী স্বাগতম আদি ধ্বনি দি গোসাঁইগাঁও চহৰৰ আকাশ–বতাহ মুখৰিত কৰি তোলে৷ ইফালে এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ ৰাজনৈতিক বিষয়টোৱে বড়োভূমিৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰিছে৷ চর্চা অনুসৰি প্রমোদ বড়োৱে ইউ জি ব্রহ্ম নেতৃত্বাধীন ইউ পি পি এলত যোগদানৰ সম্ভাৱনা আছে ৷