নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন বিশেষ চাইকেল, কিন্তু কিয় বিশেষ এই চাইকেলখন?

তিনিখন চাইকেল সংযুক্ত কৰি এখন চাইকেল

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আপুনি হয়তু বহু চাইকেল দেখিছে। শৈশৱত চাইকেলখনৰ গুৰুত্ব হয়তু সকলোৱে বুজি পায়। কিন্তু আপুনি কাহানিও নেদেখা এখন বিশেষ আকাৰৰ চাইকেলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এখন দুখন নহয় তিনিখন চাইকেল সংযুক্ত কৰি তৈয়াৰ কৰা হৈছে এই চাইকেলখন। তিনিচুকীয়াৰ ৰাজপথত এই চাইকেলখন দেখিবলৈ সুলভ। জিলাখনৰ অলিয়ে-গলিয়ে ঘৃৰি ফুৰিছে এই হালধীয়া ৰঙৰ চাইকেলখন। কিন্তু এই চাইকেলখনৰ গৰাকী কোন, চাইকেলখনৰ গৰাকী চানু আলী নামৰ লোকজন। এই বৃহৎ আকাৰৰ চাইকেলৰে তিনিচুকীয়াৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে চানু আলী। নতুনত্ব কৰাৰ হেঁপাহৰে চানু আলীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সাজি উলিয়াইছে এই চাইকেলখন। ৯ফুট উচ্চতাৰ চাইকেলখন চাবলৈ উৎকণ্ঠা বাঢ়িছে ৰাইজৰ।