নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ দ্বিতীয় বৃহৎ ডিটেনচন কেম্প নির্মাণত লুণ্ঠন

গোৱালপাৰাৰ মাটিয়াত নির্মীয়মাণ অৱস্থাত তাচপাতৰ দৰে খহিল গার্ড ৱাল

নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ গোৱালপাৰা জিলাৰ মাটিয়াত নির্মীয়মাণ বিশ্বৰ দ্বিতীয় সর্ববৃহৎ আৰু দেশৰ বৃহৎ ডিটেনচন কেম্পৰ গার্ড ৱাল খহি পৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, যোৱানিশা নির্মীয়মাণ ডিটেনচন কেম্পৰ চৌদিশে থকা গার্ড ৱালৰ সন্মুুখভাগৰ প্রায় ২০ মিটাৰ দৈর্ঘ্য নিজে নিজেই খহি পৰে৷ প্রায় ৪৬ কৌটি টকা ব্যয় সাপেক্ষে নির্মাণ কার্য চলি থকা ডিটেনচন কেম্পটোৰ কাম ইতিমধ্যে প্রায় ৯৫ শতাংশ সম্পূর্ণ হৈছে৷ কিন্তু নিশা হঠাৎ গার্ড ৱাল খহি পৰাৰ ঘটনাই ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰে নিম্নমানৰ ইটা, শিল আৰু চিমেণ্টৰে গার্ড ৱালৰ কাম কৰা বাবে এনেদৰে কাম সম্পূর্ণ নৌহোওঁতেই খহি পৰিছে ৷ এই সন্দর্ভত এক উচিত তদন্তৰ দাবী জনাইছে ৰাইজে ৷ একাংশ উপ ঠিকাদাৰক দায়িত্ব দি কামলৈ পিঠি দিয়া ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৰাইজে ৷

উল্লেখ্য যে গার্ড ৱাল নির্মাণৰ কাম চলি থকা অৱস্থাত কামৰ মান অতি নিম্ন হোৱাত ৰাইজে ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়া–ভিযন্তাক অভিযোগ দিছিল যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব নিদি খেয়াল–খুচি মতে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ যাৰ ফলস্বৰূপে নির্মাণকার্য সম্পূর্ণ নৌহওঁতেই গার্ড ৱাল ভাঙি চূর্ণ–বিচূর্ণ হৈ পৰে ৷ উল্লেখ্য যে বিশ্বৰ দ্বিতীয় সর্ববৃহৎ আৰু দেশৰ সর্বোচ্চ এই ডিটেনচন কেম্পটো অহা জুলাই মাহত মুকলি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ গোৱালপাৰাৰ মাটিয়াত তীব্রগতিত চলিছে এই ডিটেনচন কেম্পৰ নির্মাণকার্য৷ উক্ত নির্মাণকার্যৰ বর্তমানলৈকে ৯৫ শতাংশলৈ অগ্রগতি লাভ কৰা বুলি জানিব পৰা গৈছে৷ বিদেশী ঘোষিত হোৱা লোকসকলক একোখন কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰা হ’ব এই ডিটেনচন কেম্পত৷ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ দাবীৰ বাবেই কেন্দ্রীয় চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশীসকলক ৰখাৰ বাবে ৰাজ্যখনত ছটাক ডিটেনচন কেম্প নির্মাণৰ সিদ্ধান্ত লোৱা বুলি জনা গৈছে ৷

ইয়াৰে গোৱালপাৰা জিলাৰ মাটিয়াত ২০ বিঘা মাটিত ৪৬ টকা ব্যয়েৰে নির্মাণ কৰি আছে ডিটেনচন কেম্প৷ যোৱা ডিচেম্বৰ মাহৰ পৰা ডিটেনচন কেম্পৰ নির্মাণ কার্য আৰম্ভ হৈছে৷ নৱনির্মিত ডিটেনচন কেম্পটোত তিনি হাজাৰ বিদেশী ঘোষিত লোক থাকিব পাৰিব বুলি জানিব পৰা গৈছে৷ য’ত মহিলাসকলৰ বাবে থাকিব বিশেষ ব্যৱস্থা৷ ডিটেনচন কেম্পৰ ১৫টাকৈ বিল্ডিঙত তিনি হাজাৰ লোক থাকিব৷ ইয়াৰে এটাকৈ বিল্ডিঙত ২০০জনকৈ কয়েদী থাকিব৷ লোকসকলৰ বাবে খোৱা–লোৱাৰ বাবে পৃথকে পৃথকে থাকিব বিশাল ডাইনিং হল আৰু ৰন্ধাৰ ব্যৱস্থা৷ কয়েদীসকলক চাবলৈ অহা মানুহৰ বাবে থাকিব আপ্যায়নৰ সুব্যৱস্থা৷ সৰু সৰু ল’ৰা–ছোৱালীৰ বাবে থাকিব সুকীয়া বিদ্যালয় আৰু চিকিৎসাৰ বাবে থাকিব চিকিৎসালয়৷ কিন্তু নির্মাণকার্য চলি থাকোঁতেই গার্ড ৱাল খহি পৰাত সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like