নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিত নাম নথকা ব্যক্তিলৈ REJECTION SLIP

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো কিয় বহুলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহ’ল সেই সন্দৰ্ভত পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে । অহা ২০ মাৰ্চৰ ভিতৰত এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলক কি কাৰণত নাম অন্তৰ্ভুক্ত নহ’ল সেই সম্বন্ধে REJECTION SLIP প্ৰদান কৰা হ’ব । চলিত বাজেট অধিৱেশনত বিধায়কৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে উল্লেখ কৰিছে এই কথা ।

উল্লেখ্য যে, REJECTION SLIP লাভ কৰাৰ পাচতেই এইসকল লোকে ন্যায়াধীকৰণৰ ওচৰত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব । REJECTION SLIP লাভ কৰাৰ ১২০ দিনৰ ভিতৰতে বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব লাগিব অন্তৰ্ভুক্ত নোহোৱা লোকসকল ।

You might also like