নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনডিএফবি কেডাৰৰ বাবে চৰকাৰে ল’ব বিশেষ নীতিঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ‘অস্ত্ৰ সম্বৰণ কৰা এইসকল এনডিএফবি সদস্য যাতে পুনৰ ভুল পথে নাযায় তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিব বিশেষ সাহাৰ্য নীতি ।’ বৃহস্পতিবাৰে ১৬৫০ এনডিএফ নেতা কেডাৰৰ অস্ত্ৰ সম্বৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত এই ঘোষণা কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

এই নতুন বিশেষ নীতিৰ বাবে এনডিএফবিৰ চাৰিওটা গোটৰ প্ৰধান ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু বি চাউৰাগ্ৰাৰ সৈতে প্ৰস্তুতি আৰু প্ৰয়োগ সন্দৰ্ভত আলোচনাত বহিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

এই বিশেষ অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ আলফা(স্বা)ক শান্তি আলোচনাৰ বাবে আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেই অসমত বড়ো শান্তি চুক্তি সম্পন্ন হৈ শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি কোৱাৰ লগতে অসমত স্থায়ী শান্তিৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখন দায়বদ্ধ বুলি কয় মন্ত্ৰী ড০ শৰ্মাই ।

You might also like