নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ এক দীঘলীয়া সংগ্রামৰ অৱসান ঘটাই শেহতীয়াকৈ সম্পন্ন হোৱা বড়ো চুক্তিৰ পাছত এতিয়া চর্চালৈ আহিছে এন ডি এফ বি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো ৷ শান্তি আলোচনাৰ মেজলৈ অহা বিদ্রোহী সদস্যসকলক পুনৰ সংস্থাপনৰ বাবে ইতিমধ্যে দিছপুৰে গ্রহণ কৰিছে এক বিশেষ আঁচনি ৷ অস্ত্র সমর্পণেৰে শান্তি প্রক্রিয়ালৈ অহা প্রায় ১,৬০০জন সদস্যৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে আঁচনি প্রস্তুত কৰাৰ সময়তে একাংশ বিদ্রোহী সদস্যক লৈ সৃষ্টি হৈছে জটিল সদস্যা ৷ উল্লেখ্য যে দীর্ঘদিনীয়া সংগ্রামৰ অন্তত এন ডি এফ বি সদস্যসকল আলোচনাৰ মেজলৈ আহিল যদিও ইয়াৰে অধিকাংশ সদস্যৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ৷ হত্যা, ধন দাবী, ভাবুকি আদিৰ অভিযোগত এইসকল সদস্যৰ বিৰুদ্ধে অসম আৰক্ষীত ৰুজু হৈ আছে একাধিক গোচৰ৷ এনেধৰণৰ গোচৰ থকা সদস্যসকলক চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ আঁচনিলৈ অনা হ’ব নে নাই, তাক লৈ সৃষ্টি হৈছে সমস্যা ৷ গৃহ বিভাগৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, বড়ো চুক্তিৰ পাছত এন ডি এফ বি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে ইতিমধ্যে আঁচনি প্রস্তুত কৰা হৈছে যদিও একাংশ সদস্যৰ ক্ষেত্রত বিষয়টো অন্য ধৰণে লোৱা হ’ব ৷ যিসকল বিদ্রোহী সদস্যৰ বিৰুদ্ধে গুৰুতৰ গোচৰ আছে, সেইসকলক এই আঁচনিৰ পৰা বাদ দিয়া হ’ব৷ যিহেতু এই সদস্যসকলৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে আৰু ন্যায়ালয়তো গোচৰ আছে, গতিকে সাহায্য–পুনৰ সংস্থাপন আঁচনিত অন্তর্ভুক্ত কৰিব পৰা নাযাব ৷
মন কৰিবলগীয়া যে শান্তি আলোচনালৈ অহা এন ডি এফ বিৰ চাৰিটা গোটৰ সদস্যসকলৰ বিৰুদ্ধে থকা সকলো গোচৰ প্রত্যাহাৰ কৰা হ’ব বুলি চুক্তিৰ পাছতে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ৷ এনে অৱস্থাত গুৰুতৰ অভিযোগ থকা সদস্যসকলৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিব সেই সন্দর্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল যদিও গুৰুতৰ অভিযোগ থকা সদস্যসকলৰ গোচৰ প্রত্যাহাৰ নহয় বুলি অসম চৰকাৰে স্পষ্ট কৰিছিল ৷ মুখ্যতঃ এই বিষয়টোক লৈয়ে গৃহ বিভাগে সাহায্য আৰু পুনৰ সংস্থাপন আঁচনিৰ পৰা একাংশ সদস্যক বাদ দিয়াৰ সিদ্ধান্ত লৈছে৷ গৃহ বিভাগৰ সূত্রটোৱে ইয়াকো জানিবলৈ দিয়ে যে আঁচনিৰ পৰা কোন কোন সদস্যক বাদ দিয়া হ’ব, সেই সন্দর্ভত অসম আৰক্ষীৰ পৰা বিস্তৃত প্রতিবেদন বিচৰা হৈছে ৷ আৰক্ষীৰ পৰা প্রতিবেদন লাভ কৰাৰ পাছতে আঁচনিত কোন সদস্যক অন্তর্ভুক্ত কৰা হ’ব সেয়া নিশ্চিত কৰা হ’ব৷ উল্লেখ্য যে সাহায্য আৰু পুনৰ সংস্থাপন আঁচনিৰ জৰিয়তে প্রতিজন সদস্যক মাহিলি ছয় হাজাৰ টকাকৈ দিয়া হ’ব৷ একেদৰে ৪ লাখ টকাকৈ প্রতিজন সদস্যৰ একাউণ্টত ফিক্সড ডিপ’জিট কৰি দিয়া হ’ব৷ ইফালে, আৰক্ষীয়ে আলোচনাৰ মেজলৈ অহা এন ডি এফ বি সদস্যসকলৰ কোনে কোনে এতিয়ালৈ লগত থকা মাৰণাস্ত্র জমা দিয়া নাই, সেই সম্পর্কেও বিশদ অনুসন্ধান আৰম্ভ কৰিছে৷ গুৰুতৰ অভিযোগ নথকা কোনো বিদ্রোহী সদস্যই যদি গধুৰ মাৰণাস্ত্র নিজৰ লগত ৰাখিছে তেন্তে সেইসকল সদস্যকো আঁচনিত অন্তর্ভুক্ত নকৰাৰ সিদ্ধান্ত লৈছে ৷