নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ কার্যালয় আৰু ক্ষেত্র সহায়ক পদৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ পূর্বৰ নির্দেশ অমান্য কৰি এ পি ডি চি এলে প্রকাশ কৰা চূড়ান্ত তালিকাত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে ৷ মুঠ ৬৯২টা পদৰ বাবে যোৱা ১০ ফেব্রুৱাৰীত এ পি ডি চি এল কর্তৃপক্ষই প্রকাশ কৰিছিল চূড়ান্ত তালিকা ৷ উল্লেখ্য যে কার্যালয় আৰু ক্ষেত্র সহায়ক পদৰ বাবে ২০১৮ চনত ১৪ এপ্রিলত বিজ্ঞাপন প্রকাশ কৰা হৈছিল ৷ বিগত বর্ষৰ ২৮ এপ্রিলত পদসমূহৰ বাবে অনুষ্ঠিত কৰা হৈছিল লিখিত পৰীক্ষা ৷ কিন্তু এ পি ডি চি এল কর্তৃপক্ষৰ হেমাহিৰ বাবে একাংশ অভিজ্ঞতাসম্পন্ন প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱাৰ পৰা বঞ্চিত হয়৷ যাৰ বাবে পৰীক্ষাত বহাৰ বাবে সুযোগ প্রদান কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ ২৬৪৩/১৯ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অভিজ্ঞতাসম্পন্ন প্রার্থীসকলৰ বাবে সুকীয়া পৰীক্ষা অনুষ্ঠিত কৰি পূর্বৰ পৰীক্ষাৰ সৈতে একেলগে ফলাফল ঘোষণা কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু এ পি ডি চি এল কর্তৃপক্ষই এই নির্দেশ কার্যকৰী নকৰাকৈ পূর্বৰ পৰীক্ষাৰ ফলাফল যোৱা ১০ ফেব্রুৱাৰীত ঘোষণা কৰে৷ এ পি ডি চি এল কর্তৃপক্ষৰ এই পদক্ষেপৰ বিৰুদ্ধে বঞ্চিত প্রার্থীসকল পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে এ পি ডি চি এলে প্রকাশ কৰা মেধাৰ তালিকাত স্থগিতাদেশ জাৰি কৰে ৷