নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ ৰাজ্যত ২০২১তো বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ ৷ কোনোবাই যদি অন্য ভাবিছে তেন্তে তেওঁ মূর্খৰ স্বর্গত বাস কৰিছে ৷ বিটিআৰতো এইবাৰ বিজেপিয়েই ক্ষমতাত থাকিব ৷ বৰপেটাৰোডৰ কাটাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শুকুৰবাৰে এইদৰে মন্তব্য কৰে ৷ ৰাজ্যত ইতিমধ্যে ৭০ শতাংশ কাম সম্পূর্ণ কৰা বুলি দাবী কৰি তেওঁ বাজেটক লৈয়ো আগতীয়া মন্তব্য কৰে ৷ এইবাৰৰ বাজেট দেখি বহুতে মূর্ছা যাব বুলিও তেওঁ মন্তব্য কৰে ৷ বিটিআৰৰ আগন্তুক নির্বাচনত বিজেপিৰ সৈতে মিত্রজোঁটত বিপিএফো থাকিব পাৰে অথবা নতুন দলো হ’ব পাৰে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে বিপিএফৰ লগত অটুট আছে মিত্রতা ৷ আৰু কয়– অৱশ্যে এবছু আৰু এনডিএফবিৰ নেতৃত্বত গঠন হ’ব লগা নতুন ৰাজনৈতিক দলটোৰ সৈতেও মিত্রতাৰ দুৱাৰ খোলা ৰখা হ’ব ৷ ইতিমধ্যে বিটিআৰৰ ৪০টা সমষ্টিত সাংগঠনিক সভা অনুষ্ঠিত হৈ আছে ৷
দাসে জনোৱা মতে, ২৫ ফেব্রুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মা, তেওঁৰ উপস্থিতিত গুৱাহাটীত বিটিআৰৰ নির্বাচনক লৈ বিজেপিৰ বিশেষ সভা অনুষ্ঠিত হ’ব ৷ বিজেপিৰ নেতৃত্বয়ো অংশ ল’ব লগা উক্ত সভাতে বিটিআৰৰ নির্বাচনত মিত্রতাক লৈ বিজেপিয়ে গ্রহণ কৰিব সিদ্ধান্ত ৷ উল্লেখ্য যে ছাফাকামাত শুকুৰবাৰে বেঁকী নৈৰ খহনীয়া প্রতিৰোধী আঁচনিৰ অন্তর্গত ৩.৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ৬১০ মিটাৰ দৈর্ঘ্যৰ জিঅ’বেগৰ দ্বাৰা বান্ধ নির্মাণৰ কামৰ শুভাৰম্ভণি কৰে দাসে ৷ বৰপেটাৰ জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিধায়ক দাসে এই কামটো সম্পূর্ণ হোৱাৰ পিছত বেঁকী নদীৰ খহনীয়াৰ ফলত ৰাইজে যি দুর্যোগ ভুগি আছে, সেয়া লাঘৱ হ’ব বুলি আশা প্রকাশ কৰে ৷ অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র শর্মাও উপস্থিত থাকে ৷