নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বড়োভূমিৰ ৰাজনীতিত বিভিন্ন ৰণকৌশল আৰম্ভ হৈছে ৷ শেহতীয়াভাৱে প্রমোদ বড়োৱে এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত বিপিএফৰ হাগ্রামা মহিলাৰীক প্রত্যাহ্বান জনাবলৈ কঁকালত টঙালি বান্ধিছে ইউ পি পি এলে ৷ এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৱে ইউ পি পি এলত যোগদানৰ কুচকাৱাজ চলি থকাৰ সময়তে শুকুৰবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ (এবিএমছু) সাধাৰণ সম্পাদক নজৰুল ইছলামে সংগঠনটোৰ পৰা পদত্যাগ কৰে ৷ দীর্ঘদিন ধৰি এবি এমছুৰ সম্পাদকৰ লগতে বিভিন্ন দায়িত্বত থকা ইছলামৰ পদত্যাগক লৈ ৰাজনৈতিক মহলত চর্চা আৰম্ভ হৈছে ৷ সংখ্যালঘু নেতাগৰাকীয়ে ইউ পি পি এলত যোগদানৰ পূর্ণ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে ৷ বিটিচি নির্বাচনৰ প্রাক মুহূর্তত সংগঠনটোৰ নেতাগৰাকীৰ পদত্যাগৰ পিছতে ইউ পি পি এলৰ ফালৰ পৰা যোগাযোগ কৰা বুলি এক সূত্রত প্রকাশ ৷ ইফালে এই সন্দর্ভত তেওঁৰ সৈতে যোগাযোগ কৰাত ইউ পি পি এলত যোগদানৰ সম্ভাৱনীয়তা থকা বুলি সদৰী কৰে৷ লগতে ব্যক্তিগত অসুবিধাৰ বাবে ছাত্র সংগঠনটোৰ পৰা অব্যহতি বিচাৰি ইতিমধ্যে সভাপতিলৈ পত্র প্রেৰণ কৰা বুলি জনায়৷ উল্লেখ্য যে প্রায় দুমাহ পূর্বে বিটিচিৰ উক্ত ছাত্র সংগঠনটোৰ মাজত আভ্যন্তৰীণ সংঘাতৰ বাবে বিভাজনৰ সৃষ্টি হৈছিল৷ যাৰ বাবে দুজনকৈ ছাত্রনেতাই পৃথকে পৃথকে সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰি বিভাজিত সংগঠনটো দুটাৰ কাম–কাজ চলাই আছিল৷ এনে সময়তে ছাত্র সংগঠনটোৰ এটা গোটৰ সাধাৰণ সম্পাদক পদবীৰ পৰা নজৰুল ইছলামে পদত্যাগ কৰাৰ পিছত বিটিচি নির্বাচনৰ নতুন অংক আৰম্ভ হৈছে ৷