এমাহৰ ভিতৰতে তৃতীয়–চতুর্থবর্গত নিযুক্তি পৰীক্ষাৰ ফলাফলঃ অনুত্তীর্ণ প্রার্থীসকলৰ মাচুল ঘূৰাই দিয়াৰ ঘোষণা মুখ্যমন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্রায় ৩০ হাজাৰ তৃতীয় আৰু চতুর্থবর্গৰ পদ পূৰণৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাত অনুত্তীর্ণ প্রার্থীসকলক আবেদন মাচুল ঘূৰাই দিব চৰকাৰে৷ এই ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তৃতীয়বর্গৰ পদ পূৰণৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষা খুব ভাল হৈছে৷ ৯ লাখ প্রার্থী এই পৰীক্ষাত অৱতীর্ণ হৈছে৷ ৫টা পৰীক্ষাৰ বাবে মুঠ ১৪ লাখ প্রার্থী পৰীক্ষাত অৱতীর্ণ হৈছে৷ তৃতীয় আৰু চতুর্থবর্গৰ বাবে হোৱা নিযুক্তি পৰীক্ষাত ফলাফল এমাহৰ ভিতৰত দিয়াৰ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে আবেদন কৰাৰ সময়ত প্রার্থীসকলে যি মাচুল জমা দিছিল, অনুত্তীর্ণ প্রার্থীসকলক সেই মাচুল ওভতাই দিয়া হ’ব৷ অকল উত্তীর্ণ প্রার্থীসকলৰ মাচুলহে চৰকাৰে ৰাখিব৷ অনুত্তীর্ণ প্রার্থীসকলক তেওঁলোকে যি বেংকৰ একাউণ্টৰ পৰা মাচুল আদায় দিছিল, সেই বেংক একাউণ্টৰ জৰিয়তে মাচুল ওভতাই দিয়া হ’ব৷ অনুত্তীর্ণ প্রার্থীসকলে মাচুলৰ নামত যাতে কোনো ধন খৰচ কৰিবলগীয়া নহয়, তাৰ বাবেই চৰকাৰে এই ব্যৱস্থা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷