এমাহ কোৱাৰেণ্টাইনৰ অন্তত মাজুলী এৰিলে এলিনে
নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ লক্ষ্যৰে মাজুলী জিলা প্রশাসনে মাজুলীৰ লগত অন্য জিলাৰ যোগাযোগ ২১ মার্চৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে ৷ মাজুলীলৈ মার্চ মাহত ৰাজ্যৰ বাহিৰৰ পৰা প্রৱেশ কৰা লোকসকলকো মাজুলী জিলা প্রশাসনে থার্মেল স্ক্রীনিং কৰি হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছিল ৷ যোৱা ১২ মার্চৰ পুৱা ৮.৩০ বজাত অফলামুখ ঘাটেৰে মাজুলীলৈ এলিন ডায়লেইছমা নামৰ এগৰাকী গ্রীচৰ মহিলা পর্যটক আহিছিল ৷ পূর্বে ৪বাৰ মাজুলীলৈ অহা গ্রীচৰ পর্যটকগৰাকীৰ মাজুলীৰ সৈতে আছে এক আত্মিক সম্পর্ক ৷ পুৱা ৯.৩০ মাজুলী অফলামুখ ঘাট পোৱাৰ লগে লগে তেওঁ মাজুলীৰ পৰিৱেশ দেখি আচৰিত হৈ পৰিছিল ৷ ক’ৰোনাৰ আতংকৰ মাজত দিন পাৰ কৰা অতিথিপৰায়ণ মাজুলীবাসীৰ মন পৰিৱর্তন হৈছিল ৷
ব্রিটিছ পর্যটকৰ দেহত ক’ভিড–১৯ ধৰা পৰাৰ লগে লগে মাজুলীবাসী আতংকিত হৈ পৰিছিল ৷ সমানে সস্তম হৈছিল মাজুলী জিলা প্রশাসনো ৷ কাৰণ সেইগৰাকী আমেৰিকাৰ পর্যটকে মাজুলীও ভ্রমণ কৰিছিল ৷ ব্যাপক ৰূপত প্রচাৰ হ’ল সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ৷ তেতিয়াৰ পৰাই বিদেশী পর্যটক দেখিলেই মাজুলীৰ সকলো লোকেই অৱজ্ঞা কৰিবলৈ ল’লে ৷ গ্রীচৰ পর্যটকগৰাকীৰো একেই দশা হ’ল ৷ গাড়ীৰ চালকে তেওঁক ফেৰীঘাটৰ পৰা আনিবলৈ অস্বীকাৰ কৰে ৷ কেইজনমান অসৎ গাড়ীচালকে ৫ হাজাৰ টকা দাবী কৰিছিল এলিনক ৷ কিন্তু তেওঁ ইমান ধন দিবলৈ অসমর্থ ৷ হাতত ৩টা বেগ লৈ এলিনে খোজ লৈছিল গড়মূৰ অভিমুখে ৷ চকুপানী দুধাৰি বৈ গৈছিল এলিনৰ ৷ অসহায় এলিনক সহায় নকৰিলে ফেৰীঘাটত কর্তবৰত আৰক্ষী অথবা চিকিৎসকেও ৷ পথৰুৱাই তেওঁক দেখিলেই চিঞৰি উঠিছিল ‘ক’ৰোনা ক’ৰোনা’ বুলি ৷ চিনাকি মাজুলী যেন এলিনৰ বাবে হৈ পৰিল অচিনাকি, আপোন মানুহবোৰ হ’ল পৰ ৷ দুপৰীয়া ১২.৩০ বাজিল ৷
অফলামুখতে এনেদৰে পর্যটকে হাৰাশাস্তি ভোগাৰ খবৰ পাই সাংবাদিক তীর্থ ভূঞা, ৰিদীপ বৰা, যদুমণি শইকীয়া, প্রাঞ্জল খাউণ্ড, কল্পজিৎ শইকীয়া নামৰ সংবাদকর্মীকেইজনে স্থানীয় ৰাইজ তথা সচেতন ব্যক্তিৰ বাধাকো নেওচি তেওঁক দুচুকীয়া বাহনেৰে বনগাঁৱলৈ আনে ৷ ভোকত মুখখন শুকাই থকা এলিনক ৰিদীপ বৰাৰ ঘৰতেই এমুঠি ভাতৰ ব্যৱস্থা কৰি দিয়ে ৷ বিয়লি ১.৩০ বজাত বনগাঁৱৰ পৰা সাংবাদিক তীর্থ ভূঞাৰ গাড়ীৰে আনি কমলাবাৰী ফেৰীঘাটত থকা পর্যটন সহায়ক কেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ল ৷ জিলা প্রশাসনকো বিষয়টো অৱগত কৰি গড়মূৰস্থিত মনজিৎ ৰিচঙৰ বেম্ব’ ক’টেজত ৰখাৰ ব্যৱস্থা কৰা হ’ল পর্যটকগৰাকীক ৷ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধ প্রট’কল অনুসৰি জিলা প্রশাসনে পর্যটকগৰাকীক সেইদিনাৰ পৰা কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিলে ৷ দেশজোৰা লকডাউন বলৱৎ হোৱাত পর্যটকগৰাকীয়ে স্বাস্থ্য সম্পর্কীয় কোনো জটিলতা তথা লক্ষণ নথকাকৈয়ে কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাৰ পিছতো ১৫ এপ্রিল পর্যন্ত বাহৰ পাতি থাকিব লগা হয় মাজুলীত ৷ পর্যটকগৰাকীয়ে নতুন দিল্লীত থকা গ্রীচৰ দূতাৱাসৰ জৰিয়তে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ কলকাতা হৈ গ্রীচ দূতাৱাসে ব্যৱস্থা কৰা বিশেষ বিমানেৰে নিজ দেশলৈ ঘূৰি যোৱাৰ সেউজ সংকেত লাভ কৰে ৷ সেই অনুসৰি পর্যটকগৰাকীয়ে ১৫ এপ্রিলত মাজুলীৰ পৰা বিদায় লৈ গুৱাহাটীলৈ ৰাওনা হয় ৷ জটিল পৰিস্থিতিৰ মাজতে মাজুলীত চৰকাৰী নিয়ম মানি চলি এমাহ তিনি দিন কটোৱা গ্রীচৰ পর্যটকগৰাকীয়ে সাংবাদিক, মাজুলী জিলা প্রশাসন, আৰক্ষী, পর্যটন বিভাগ, অতিথিশালাৰ স্বত্বাধিকাৰী মনজিৎ ৰিচিঙক ধন্যবাদ জ্ঞাপন কৰে ৷