নিয়মীয়া বাৰ্তা, ১০ মে’ : ৰাজ্যত অব্যাহত আছে ক’ভিড–১৯ৰ সংক্রমণৰ বিভীষিকা ৷ শনিবাৰে পুনৰ তিনি ব্যক্তি আক্রান্ত হৈছে ক’ৰোনা ভাইৰাছত ৷ আক্রান্ত এই তিনি ব্যক্তিৰ ভিতৰত দুগৰাকী মহিলা ৷ যোৰহাটৰ উজনি চৰাইমৰীয়াৰ মামু বৰা (৩৬) আৰু চাৰিঙীয়াৰ পৰিস্মিতা দত্ত কলিতা (২৭) নামৰ মহিলা দুগৰাকীয়ে মুম্বাইৰ পৰা এখন এম্বুলেঞ্চেৰে শুকুৰবাৰে পুৱা যোৰহাটত উপস্থিত হয় ৷ অৱশ্যে মহিলা দুগৰাকী কোনো ৰোগত ভোগাৰ বাবে এম্বুলেঞ্চেৰে অহা নাছিল ৷ তেওঁলোকে অহাৰ সুবিধাৰ কৌশল হিচাপে বেমাৰ হোৱাৰ ভাও ধৰিহে এম্বুলেঞ্চেৰে যোৰহাটলৈ আহে ৷ যোৰহাটত উপস্থিত হোৱাৰ লগে লগে যোৰহাট মেডিকেল কলেজত এম্বুলেঞ্চৰ চালকসহ তিনিওগৰাকীকে লৈ যোৱা হয় আৰু তেওঁলোকৰ ছোৱাবৰ নমুনা সংগ্রহ কৰে ৷ শনিবাৰে নমুনাৰ ফলাফলত তিনিওজন ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হয় ৷
মহিলা দুগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হৈছে ৷ আনহাতে, এম্বুলেঞ্চৰ চালকজন শুকুৰবাৰে ছোৱাবৰ নমুনা দিয়েই মুম্বাই অভিমুখে ৰাওনা হয় ৷ প্রাৰম্ভিক সন্দেহ অনুসৰি এম্বুলেঞ্চৰ চালকজনৰ পৰাই মহিলা দুগৰাকী ক’ভিড–১৯ত আক্রান্ত হয় ৷ জানিব পৰা মতে, মুম্বাইৰ পৰা যোৰহাটৰ এই দীঘলীয়া যাত্রাপথত এম্বুলেঞ্চৰ চালকজনেই তেওঁলোকক বিভিন্ন স্থানত খাদ্য আদি যোগান ধৰিছিল ৷ উল্লেখ্য যে মহিলাদ্বয়ে ভাৰা কৰি অনা এম্বুলেঞ্চখনৰ নম্বৰ হ’ল এমএইচ–৪৭–ৱাই–৭০০০ ৷ প্রকাশ পোৱা মতে, যোৰহাটৰ চাৰিগাঁৱৰ উপকণ্ঠৰ উজনি চৰাইমৰীয়াৰ বাসিন্দা মামু বৰাৰ ১২ বছৰীয়া সন্তান এটি ছালৰ কর্কট ৰোগত আক্রান্ত হৈ যোৱা ৬ মাহ ধৰি মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ সন্তানৰ চিকিৎসাৰ বাবেই দীর্ঘদিন ধৰি মামু বৰা মুম্বাইতে আছিল ৷ আনহাতে পৰিস্মিতাৰ স্বামীৰ জ্যেষ্ঠ ভগ্নী হ’ল মামু বৰা ৷ সেই সূত্রেই মামু বৰাৰ সন্তানটিৰ চিকিৎসাৰ পৰিচার্যৰ বাবে কেইমাহ মান পূর্বে মুম্বাইলৈ গৈছিল ৷ স্থানীয় সূত্রই জনোৱা মতে শুকুৰবাৰে অহা এম্বুলেঞ্চখনত মামু আৰু পৰিস্মিতাৰ উপৰি মামু বৰাৰ সন্তানটি আৰু এজন যুৱক আছিল ৷
উল্লেখ্য যে, শনিবাৰে নিশাৰ ভাগত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে যোৰহাটত নতুনকৈ তিনিজন ক’ভিড–১৯ত আক্রান্ত ধৰা পৰাৰ বিষয়ে প্রকাশ কৰে ৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনা পজিটিভত আক্রান্তৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পালে ৷ ইয়াৰে দুগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱাৰ বিপৰীতে ৩৪জন সুস্থ হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰিছে ৷ ৰাজ্যখনত বর্তমান ক’ভিড–১৯ত আক্রান্ত হৈ থকা লোকৰ সংখ্যা ২৬জন ৷